মুখ্যপৃষ্ঠা » খবৰ

» অসম

»শেষ হোৱা নাই আদিবাসী চাহ জনগোষ্ঠীৰ কৰম পৰৱৰ চৰকাৰী বন্ধৰ দিনক লৈ বিতৰ্ক

শেষ হোৱা নাই আদিবাসী চাহ জনগোষ্ঠীৰ কৰম পৰৱৰ চৰকাৰী বন্ধৰ দিনক লৈ বিতৰ্ক

News18 Assam | News18-Assam
Updated:September 15, 2021, 8:50 AM IST
শেষ হোৱা নাই আদিবাসী চাহ জনগোষ্ঠীৰ কৰম পৰৱৰ চৰকাৰী বন্ধৰ দিনক লৈ বিতৰ্ক
পোষ্টাৰখনৰ ক্ষেত্ৰত দেখা গৈছে - কিছু ভুল তথ্যৰ ভিত্তিত কৰম পৰৱৰ বিষয়ে তথ্য উপস্থাপন কৰা হৈছে।

পোষ্টাৰখনৰ ক্ষেত্ৰত দেখা গৈছে - কিছু ভুল তথ্যৰ ভিত্তিত কৰম পৰৱৰ বিষয়ে তথ্য উপস্থাপন কৰা হৈছে।

  • News18 Assam
  • Last Updated: September 15, 2021, 8:50 AM IST
  • Share this:
অলপতে Directorate of Tea Tribes Welfare Departmentৰ পৰা প্ৰকাশিত "কৰম পূজা : ইতিহাস" শীৰ্ষক পোষ্টাৰ এখনে সামাজিক মাধ্যমত বাৰুকৈয়ে প্ৰচাৰ হৈছে৷ উক্ত পোষ্টাৰখনত কোৱা হৈছে - "কৰম হৈছে 'শস্য চপোৱাৰ সময়'ত পালন কৰা এক উৎসৱ, যি কৰম দেৱতাৰ বাবে উৎসৰ্গিত কৰা হয়। কৰম দেৱতা ক্ষমতা আৰু যুৱাৱস্থাৰ প্ৰতিক। এই উৎসৱ বিভিন্ন লোকৰ দ্বাৰা উদযাপন কৰা হয়, যেনে- খাড়িয়া, কৰ্বা, কুলি, বিঞ্জৱাৰী, নাগপুৰী, খৰ্থা, কুৰ্মী, ওৰাউন, মুণ্ডা, চন্টাল ইত্যাদি।"

এই পোষ্টাৰক লৈ এতিয়া সৃষ্টি হৈছে বিতৰ্কৰ৷ Directorate of Tea Tribes Welfare Departmentয়ে প্ৰকাশ কৰা পোষ্টাৰখনক লৈ সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা লেখক সঞ্জয় কুমাৰ তাঁতীয়ে৷  বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তাঁতীয়ে এইদৰে কৈছে, " চাহ জনজাতি কল্যাণ সঞ্চালকালয় অসম চৰকাৰৰ চাহ শ্ৰমিক, চাহ শিল্পৰ পৰা ওলাই অহা সাধাৰণ লোকসকলৰ কল্যাণৰ বাবে উদ্যোগ গ্ৰহণ কৰা এটি চৰকাৰী বিভাগ। পোষ্টাৰখনৰ ক্ষেত্ৰত দেখা গৈছে - কিছু ভুল তথ্যৰ ভিত্তিত কৰম পৰৱৰ বিষয়ে তথ্য উপস্থাপন কৰা হৈছে।

তাঁতীয়ে কয়, প্ৰথম কথাটো হ'ল কৰম পৰৱ "শস্য চপোৱাৰ সময়ত" উদযাপন কৰা উৎসৱ বা পৰৱ নহয়। পৌৰাণিক কালৰ পৰাই মধ্য-পূব ভাৰতৰ আদিম নিবাসী লোকসকলে শস্য উৎপাদন আৰু বংশ প্ৰজননৰ লোক ধাৰণাৰে এই কৰম পৰৱ পালন কৰি অহা কথাটো সৰ্বজনবিদিত। এই পৰৱ উদযাপন কৰা হয় 'খেতিৰ আৰম্ভণি'ৰ প্ৰথমৰ ফালৰ সময়ছোৱাত। অসমৰ চাহ বাগিচালৈ অনা ভিন্ন নৃ-গোষ্ঠীয় আৰু জাতি-জনজাতিৰ লোকসকল অসমলৈ অহাৰ আগতে তেওঁলোকৰ পুৰ্বপুৰুষ সকলৰ বেছি ভাগেই কৃষিজীৱী আৰু বৃত্তিধাৰী লোক আছিল। অসমৰ চাহ বাগিচালৈ অহাৰ পিছত, পৰিৱৰ্তিত পৰিস্থিতিত চাহ বাগিচাৰ বৃত্তিত নিয়োজিত হ'লেও পৰম্পৰাগতভাৱে তেখেতসকলৰ অতীতৰ পৌৰাণিক পৰম্পৰাক সময়ৰ। সোঁতত ধৰি ৰাখি অসমৰ মাটিত কৰম পৰৱক এক উল্লেখনীয় কৃষিভিত্তিক সাংস্কৃতিক উৎসৱ তথা পৰম্পৰা হিচাবে জীয়াই তোলাত সক্ষম হৈছে।

পোষ্টাৰখনত উল্লিখিত কৰম পৰৱ উদযাপন কৰা লোকসকলৰ নামবোৰ চাইহে আমি বেচি আচৰিত হ'বলগীয়াত পৰিছোঁ। অসমৰ চাহ বাগিচালৈ অহা প্ৰায় এশৰো অধিক জাতি-গোষ্ঠীৰ লোক আছে। তাৰ ভিতৰত প্ৰায় বেচিভাগ জাতি-গোষ্ঠীৰ লোকেই এই কৰম পৰৱ উদযাপন কৰে, সেয়া ঘৰুৱাভাৱেই হওক বা সন্মিলিতভাৱে সামাজিকভাৱেই হওক।        পোষ্টাৰখনত উল্লিখিত "কৰ্বা, কুলি, নাগপুৰী খৰ্থা" নামৰ কোনো জাতি-জনজাতিৰ নাম অসমৰ চাহ বাগিচাত, গাঁৱত বা চহৰত আছে বুলি আমি নাজানো। (এই তালিকা সন্দৰ্ভত চৰকাৰৰ তালিকাত থকা Tea Garden & Ex-tea Garden Tribes নামৰ তালিকাখনতে চৰকাৰৰ ঘৰতে আছে।) গতিকে এই বিভাগটোৱে ক'ৰ পৰা এই তালিকা সংগ্ৰহ কৰি পোষ্টাৰত ছপাইছে, আমি আচৰিত হৈছোঁ।

আনহাতে, কিছুমান জাতি-জনজাতিৰ নাম পোষ্টাৰখনত উচ্চাৰণগত বা বানানুসাৰে ভুলকৈ উপস্থাপন কৰা হৈছে। প্ৰণিধাণযোগ্য যে কৰম পৰৱৰ ওপৰত ইতিমধ্যেই যথেষ্ট আলোচনা-বিলোচনা, লেখা-মেলা তথা লেখক- গৱেষক-সাহিত্যিকসকলে গৱেষণা আদি কৰিছে যিটো কাম অসমত এতিয়ালৈকে হৈ উঠা নাই। বৰ্তমান সময়ত এই কৰম পৰৱ অকল অসমৰ চাহ জনগোষ্ঠীয় বা আদিবাসী লোকসকলৰেই উৎসৱ বা পৰৱ হৈ থকা নাই ; বৰং সময়ৰ সোঁতত এই পৰৱ অসমৰ আন আন জাতি-গোষ্ঠীৰ মাজতো প্ৰসাৰ আৰু প্ৰচাৰ লাভ কৰাৰ ফলত, এয়া এক জাতি গঠনৰ প্ৰক্ৰিয়াত আত্মীকৰণৰ (assimalation) দিশতো আগবাঢ়ি গৈছে।

পোষ্টাৰখনত উল্লেখ কৰা আন এটা কথা আমাৰ বুজাত অসুবিধা হৈছে-"কৰম দেৱতা ক্ষমতা আৰু যুৱাৱস্থাৰ প্ৰতীক"। কৰম পৰৱ হ'ল- এক সাৰ্বজনীন কৃষিভিত্তিক লোক উৎসৱ বা পৰৱ। বিশ্ববন্দিত সমাজবিজ্ঞানী, লোক সংস্কৃতিৰ গৱেষক Sir James George Frazerয়েও এই কৰম পৰৱ তথা ইয়াৰ আনুষঙ্গিক জাৱা অনুষ্ঠানক বিশ্বৰ বিভিন্ন দেশত প্ৰচলিত আৰু উদযাপিত Garden of Adonis নামৰ অনুষ্ঠানৰ সৈতে একে বুলি কৈছে।       কৰম পৰৱ যিহেতু কৃষিজীৱী মানুহৰ এক সন্মিলিত আৰু সাৰ্বজনীন উৎসৱ বা পৰৱ, ইয়াক "ক্ষমতা আৰু যুৱাৱস্থাৰ প্ৰতিক (প্ৰতীক)" বুলি কোৱাৰ কোনো অৰ্থই থাকিব নোৱাৰে। এটা চৰকাৰী বিভাগে অসমৰ মানুহৰ মাজত জনপ্ৰিয় উৎসৱ বা পৰৱ এটাক এনেদৰে ভুল ভাৱে মূল্যায়ন কৰাটো বৰ দৃষ্টিকটু হৈছে বুলি আমি ধাৰণা কৰিছোঁ৷" – তাঁতীয়ে কয়।

কৰম পৰৱক লৈ প্ৰকাশিত পোষ্টাৰখনৰ ভুলবোৰৰ শুধৰণি বিচাৰিছে লেখক সঞ্জয় কুমাৰ তাঁতীয়ে৷ ইফালে চৰকাৰে কৰম পৰৱৰ বন্ধৰ দিন ২৯ আগষ্টত দিয়াক লৈও অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ জনগোষ্ঠীটোক অৱজ্ঞা কৰাৰ অভিযোগ আনি বিভিন্নজনে ইতিমধ্যেই পৰম্পৰাগতভাৱে প্ৰচলিত কুড়মালি লোকসংস্কৃতি অনুসৰি ভাদ মাহৰ শুক্লা একাদশীত কৰম পৰৱ পালন কৰা হয় আৰু চৰকাৰেও এই কথা মানি ল'ব বুলি কৰি আহিছে দাবী৷ জনগোষ্ঠীটোৰ ভিন্নজনৰ মতে ২৯ আগষ্টত চৰকাৰে কৰা ঘোষণা কৰা বন্ধৰ পৰিৱৰ্তে কৰম পৰৱৰ বন্ধ হ'ব লাগে ১৭ ছেপ্টেম্বৰহে৷
Published by: Sanjay Kumar Das
First published: September 15, 2021, 8:50 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি