মুখ্যপৃষ্ঠা »খবৰ »অসম »তেজ হাজৰিকাই কানাডালৈ নিয়া নাই সুধাকণ্ঠৰ ‘ভাৰতৰত্ন’

তেজ হাজৰিকাই কানাডালৈ নিয়া নাই সুধাকণ্ঠৰ ‘ভাৰতৰত্ন’

সযতনে ৰখা হৈছে ভাৰত চৰকাৰে সুধাকণ্ঠক প্ৰদান কৰা দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন বঁটা।

সযতনে ৰখা হৈছে ভাৰত চৰকাৰে সুধাকণ্ঠক প্ৰদান কৰা দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন বঁটা।

সযতনে ৰখা হৈছে ভাৰত চৰকাৰে সুধাকণ্ঠক প্ৰদান কৰা দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন বঁটা।

  • Share this:
    সযতনে ৰখা হৈছে ভাৰত চৰকাৰে সুধাকণ্ঠক প্ৰদান কৰা দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন বঁটা। অচিৰেই আনুষ্ঠানিকভাৱে ৰাজ্য চৰকাৰৰ কৰ্তৃত্বশীল বিভাগক বঁটাটো চমজাই দিব সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকাই।

    বঁটাটোৰ সুৰক্ষাজনিত দিশৰ কথা ভাবিয়েই সদ্যহতে বঁটা সন্দৰ্ভত অধিক তথ্য ৰাজহুৱা কৰা নাই পৰিয়ালে। শুকুৰবাৰে পত্নী আৰু পুত্ৰৰ সৈতে আমেৰিকালৈ তেজ হাজৰিকা উভতি যোৱাৰ সময়ত News18 ক এই কথা সদৰি কৰে সুধাকণ্ঠৰ পৰিয়ালৰ লোকে।

    উল্লেখযোগ্য যে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ‘ভাৰতৰত্ন’ সন্মানক লৈ ছচিয়েল মিডিয়াত সৃষ্টি হৈছিল বিতৰ্কৰ। অসমৰ এটা আগশাৰীৰ সংবাদ গোষ্ঠীয়ে ভূপেনদাৰ ভাৰতৰত্ন ক’ত আছে তাক লৈ কোনেও একো নাজানে বুলি সংবাদ সম্প্ৰচাৰ কৰিছিল। সংবাদ প্ৰতিষ্ঠানটোৰ মতে, সুধাকণ্ঠৰ ভাৰতৰত্ন ক’ত ৰখা হৈছে তাক লৈ স্পষ্ট উত্তৰ কাৰো হাতত নাই।

    সংবাদ মাধ্যমটোৰ মতে, সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকা ইতিমধ্যে উভতি গৈছে কানাডালৈ। কিন্তু সুধাকণ্ঠৰ ভাৰতৰত্ন তেজ হাজৰিকাই লগত লৈ গ’ল নে কোনো লোকৰ হাতত ৰাখি গৈছে তাক লৈ নাই কোনো তথ্য।

    পিছত ভূপেন হাজৰিকাৰ ভতিজা ডাৱৰ হাজৰিকাই ‘ভাৰতৰত্ন’ সন্মান অসমতেই সুৰক্ষিত অৱস্থাত আছে বুলি জানিবলৈ দিয়ে।

    শেহতীয়া বাতৰি