মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত এখনৰ পিছত আনখন লীক হোৱাৰ বিষয়ত দ্বিতীয় দিনৰ বাবে অসম বিধানসভাৰ মজিয়াত শাসক-বিৰোধীৰ মাজত ব্যাপক তৰ্ক-বিতৰ্কৰ সূচনা হয় ৷ বিশেষকৈ কংগ্ৰেছী বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ আৰু মন্ত্ৰী পীয়ূষ হাজৰিকাৰ মাজত হয় অৰিয়াঅৰি ৷ ইয়াৰ মাজতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সদনত দিলে বিবৃতি ৷
চৌদিশে ছেবাৰ দ্বাৰা নিয়ন্ত্ৰিত মেট্ৰিক পৰীক্ষাক লৈ এতিয়া ব্যাপক চৰ্চা ৷ এখনৰ পিছত আনখন প্ৰশ্ন কাকত লীক হোৱাত ছেবা আৰু সমগ্ৰ পৰীক্ষা ব্যৱস্থাটোৰ প্ৰতিয়েই সৰ্বসাধাৰণৰ বিশ্বাস তথা আস্থা নোহোৱাৰ উপক্ৰম হৈছে ৷ বিজ্ঞানৰ প্ৰশ্ন কাকত লীক হোৱাৰ পিছত পৰীক্ষা বাতিল, CIDৰ তদন্ত প্ৰক্ৰিয়া আৰু প্ৰশ্ন কাকত লীকৰে জড়িতক গ্ৰেপ্তাৰৰ পিছত বৃহস্পতিবাৰে সদনৰ মজিয়াত চৰকাৰৰ ব্যৰ্থতা স্বীকাৰ কৰে খোদ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷
ইয়াৰ পিছতে অসমীয়া প্ৰশ্ন কাকতো লীক হোৱাৰ তথ্য লাভ কৰাত নিশা টুইট কৰি মুখ্যমন্ত্ৰীয়ে ছেবাক অসমীয়াৰ পৰীক্ষাও পুনৰ অনুষ্ঠিত কৰিবলৈ ছেবাক পৰামৰ্শ দিয়ে ৷ ছেবায়েও অসমীয়া পৰীক্ষা পুনৰ অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰে ৷ এই বিষয়ত সদনৰ শূন্যকালীন ঘণ্টাৰ পিছত বিৰোধী উপ দলপতি ৰকিবুল হুছেইনে চৰকাৰৰ পৰা জানিব বিচাৰে ৷
বিৰোধী উপ দলপতি ৰকিবুল হুছেইনৰ লগতে কংগ্ৰেছী বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই বিচাৰে উত্তৰ৷
মুখ্যমন্ত্ৰীয়ে ব্যৰ্থতা স্বীকাৰ কৰা বুলি কমলাক্ষই আৰম্ভ কৰোঁতেই সদনত পীয়ূষ হাজৰিকাই থিয় হৈ উভতি ধৰে কমলাক্ষক ৷
আৰম্ভ হৈ যায় ছেবাৰ প্ৰশ্ন কাকত লীকক লৈ সদনত হুলস্থুল। অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে ৷ কিন্তু মন্ত্ৰী পীয়ূষ আৰু বিধায়ক কমলাক্ষৰ তৰ্কযুদ্ধ অব্যাহত থাকে ৷ ইয়াৰ মাজতে মন্ত্ৰী পীয়ূষ হাজৰিকাই কৈয়ে দিলে— মুখত এটা পেটত এটা কথা কিয়?
এই বিতৰ্কৰ পিছতে শিক্ষামন্ত্ৰীয়ে ৰাখে প্ৰশ্ন কাকতক লৈ নিজৰ স্পষ্টীকৰণ ৷
ছেবাৰ প্ৰশ্ন কাকত লীকৰ বিষয়ত সদনৰ বাহিৰত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শিক্ষক আৰু আৰক্ষীৰ ওপৰত আস্থাহীনতাৰ কথা সদৰী কৰে ৷
মেট্ৰিকৰ প্ৰশ্ন কাকত লীকৰ বিষয়ত বিধায়ক জাকিৰ হুছেইন শিকদাৰেও সদনৰ বাহিৰত তীব্ৰ বিষোদাগাৰ কৰে ৷
একেদৰে AIUDFৰ বিধায়ক ড° ৰফিকুল ইছলামেও তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ মন্ত্ৰী পীয়ূষ হাজৰিকাই প্ৰশ্ন কাকত লীকৰে জড়িতসকলক National Security Actৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ পোষকতা কৰে ৷
সমান্তৰালকৈ BJPৰ জেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনে হাইটেক পদ্ধতিৰে দোষীক বিচাৰি উলিয়াবলৈ দাবী কৰে ৷
Published by: Gautam Barman
FIRST PUBLISHED : March 17, 2023, 21:02 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।