মুখ্যপৃষ্ঠা » খবৰ

» অসম

»NRC: ৰিজেকচন শ্লীপ বিতৰণৰ নিৰ্দেশ দি ইখনৰ পিছত সিখন জাননী দেশৰ মহাপঞ্জীয়কৰ ৷ অসহায় NRCৰ ৰাজ্যিক সমন্বয়ক।

NRC: ৰিজেকচন শ্লীপ বিতৰণৰ নিৰ্দেশ দি ইখনৰ পিছত সিখন জাননী দেশৰ মহাপঞ্জীয়কৰ ৷ অসহায় NRCৰ ৰাজ্যিক সমন্বয়ক।

News18 Assam | News18-Assam
Updated:April 9, 2021, 7:22 PM IST
NRC:  ৰিজেকচন শ্লীপ বিতৰণৰ নিৰ্দেশ দি ইখনৰ পিছত সিখন জাননী দেশৰ মহাপঞ্জীয়কৰ ৷ অসহায় NRCৰ ৰাজ্যিক সমন্বয়ক।
NRCৰ সম্পূৰ্ণ তালিকাত বাদ পৰা লোকক দিব লাগে ৰিজেকচন শ্লীপ ৷ কিন্তু ৰিজেকচন শ্লীপ বিতৰণ কৰিবলৈ অপাৰগ NRCৰ মুখ্য সমন্বয়কৰ কাৰ্যালয়। কাৰণ দেশৰ মহাপঞ্জীয়কে ৰাজপত্ৰিত জাননী জাৰি কৰি উন্নীত NRCখনক আইনী মৰ্যাদা দিয়া নাই। 

NRCৰ সম্পূৰ্ণ তালিকাত বাদ পৰা লোকক দিব লাগে ৰিজেকচন শ্লীপ ৷ কিন্তু ৰিজেকচন শ্লীপ বিতৰণ কৰিবলৈ অপাৰগ NRCৰ মুখ্য সমন্বয়কৰ কাৰ্যালয়। কাৰণ দেশৰ মহাপঞ্জীয়কে ৰাজপত্ৰিত জাননী জাৰি কৰি উন্নীত NRCখনক আইনী মৰ্যাদা দিয়া নাই। 

  • Share this:
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী(NRC)ৰ মুখ্য সমন্বয়কৰ কাৰ্যালয়লৈ এখনৰ পাছত আহিছে  আনখন জাননী ৷ জাননীৰ জড়িয়তে সমন্বয়কৰ কাৰ্যালয়লৈ NRCৰ ৰিজেকচন শ্লীপ বিতৰণৰ নিৰ্দেশ দেশৰ মহাপঞ্জীয়কৰ ৷

জাননীত নিৰ্দেশ- NRCৰ সম্পূৰ্ণ তালিকাত বাদ পৰা লোকক দিব লাগে ৰিজেকচন শ্লীপ ৷ কিন্তু আইনগতভাৱে ৰিজেকচন শ্লীপ বিতৰণ কৰিবলৈ অপাৰগ NRCৰ মুখ্য সমন্বয়কৰ কাৰ্যালয়। কাৰণ দেশৰ মহাপঞ্জীয়কে এতিয়ালৈ ৰাজপত্ৰিত জাননী(Gazette Notification) জাৰি কৰি NRCখনক আইনী মৰ্যাদা দিয়া নাই।

যিহেতু উন্নীত NRCখনৰ গেজেট নোটিফিকেচন হোৱা নাই সেয়ে NRCৰ পৰা বাদ পৰা লোকসকলক বিদেশীৰ মোহৰ মাৰি ৰিজেকচন শ্লীপ দিয়াৰ এতিয়াও সময় হোৱা নাই।

গেজেট নোটিফিকেচন নোহোৱালৈ NRCৰ পুনৰীক্ষণৰ কাম অব্যাহত থাকিব পাৰে। কিন্তু উচ্চতম ন্যায়ালয়ৰ পৰা এই সন্দৰ্ভত কোনো নিৰ্দেশনা নহা বাবে পুনৰীক্ষণৰ কামো আগবঢ়া নাই। লক্ষণীয়ভাৱে পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰেও শপতনামা দাখিল কৰা নাই যাৰ বাবে উচ্চতম ন্যায়ালয়ত গেঠেলা মাৰিছে NRC প্ৰসংগই।

The Citizenship (Registration of citizens and issue of National identity card) Rules 2003ত উল্লেখিত ৪(৩), ৭ আৰু ৮ ধাৰাত এই কথা স্পষ্টকৈ আছে যে চূড়ান্ত NRC প্ৰকাশ নহোৱা পৰ্যন্ত অব্যাহত থাকিব ৰিভেৰিফিকচন ৷ RGI চূড়ন্ত NRC প্ৰকাশৰ পাছতহে বিতৰণ হব ৰিজেকচন শ্লীপ ৷

ইয়াৰ মাজতে কিছুদিন পূৰ্বে দেশৰ মহাপঞ্জীয়কে ৩১ মাৰ্চৰ ভিতৰত ৰিজেকচন শ্লীপ বিতৰণ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দি NRCৰ মুখ্য সমন্বয়কৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছিল জাননী। এই জাননীৰ পিছতে হৈ-চৈ লাগে ৰাজ্যত। কিন্তু বিভিন্ন কাৰণত ১৬০০ কোটি টকা খৰছ, কোটি কোটি লোকৰ হাৰাশাস্তি, সীমাহীন উৎকণ্ঠা আৰু অনিশ্চয়তাৰ মাজেৰে সম্পূৰ্ণ হোৱা NRC উন্নীতকৰণৰ অন্তিম ছবিখন ধূষৰ হৈ পৰিছে।
Published by: Manjumoni Borah
First published: April 9, 2021, 7:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি