• Home
  • »
  • News
  • »
  • assam
  • »
  • ভাওনাত চুম্বন! মোহনৰ মোহিনী ভাৱে তোলপাৰ লগাইছে ছচিয়েল মিডিয়াত, ক্ষমা বিচাৰিলে দ্বীপজ্যোতি কেওটে

ভাওনাত চুম্বন! মোহনৰ মোহিনী ভাৱে তোলপাৰ লগাইছে ছচিয়েল মিডিয়াত, ক্ষমা বিচাৰিলে দ্বীপজ্যোতি কেওটে

অভিনেতাগৰাকীয়ে গুৰুজনাৰ সংস্কৃতিক অপমান কৰাৰ অভিযোগ। 

অভিনেতাগৰাকীয়ে গুৰুজনাৰ সংস্কৃতিক অপমান কৰাৰ অভিযোগ। 

অভিনেতাগৰাকীয়ে গুৰুজনাৰ সংস্কৃতিক অপমান কৰাৰ অভিযোগ। 

  • Share this:
গুৰুজনাৰ অংকীয়া ভাওনাক অপমান কৰা হ'ল নগাঁৱৰ কঢ়ালীগাঁৱত! বেহাৰবাৰী আউটপ'ষ্টৰ মোহনখ্যাত অভিনেতা দ্বীপজ্যোতি কেওটে মোহিনীৰ চৰিত্ৰত অভিনয় কৰোতে ৰূপায়ণ কৰা চুম্বনৰ দৃশ্যাংশই সামাজিক মাধ্যমত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। সমুদ্ৰ মন্থন নামৰ নাটখনত দ্বীপজ্যোতিয়ে মোহিনীৰ চৰিত্ৰত অভিনয় কৰা সময়ছোৱাত অসুৰক চুম্বন কৰা, ‘ফ্লায়িং কিছ’ কৰা দৃশ্যই সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে অভিনেতাগৰাকীয়ে গুৰুজনাৰ সংস্কৃতিক অপমান কৰাৰো অভিযোগ উঠিছে।

অৱশ্যে, এই বিতৰ্কৰ পিছতে সংবাদ মাধ্যমত ৰাজহুৱাভাৱে ক্ষমা খুজিলে অভিনেতাগৰাকীয়ে। অভিনেতা গৰাকীয়ে চুম্বন কৰাৰ কথা অস্বীকাৰ কৰি কয় যে, তেওঁ অসুৰক কাণে কাণে কথা কোৱাৰ দৃশ্যকে দৰ্শকে চুমা খোৱা বুলি ভাবিছে। অৱশ্যে ফ্লায়িং কিছ দিয়াৰ বাবে তেওঁ ক্ষমা বিচাৰে। অভিনেতাগৰাকীয়ে লগতে কয়, ভৱিষ্যতে তেওঁ ভাওনাত অভিনয় কৰোতে অধিক সাৱধান হ'ব।
Published by:Sanjay Kumar Das
First published: