কামপুৰৰ লংজপাত মঙ্গলবাৰে পুৱাই সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। নগাওঁ জিলাৰ কামপুৰৰ লংজাপ পঞ্চায়তত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। বানে ক্ষতি কৰা বানবিধ্বস্ত অঞ্চলৰ ৰাইজক চৰকাৰে দিয়া ৩৮০০ টকা প্ৰকৃত হিতাধিকাৰী নোপোৱাক কেন্দ্ৰ কৰি মঙ্গলবাৰে লংজাপ পঞ্চায়ত ঘেৰাও কৰে উত্তেজিত লোকসকলে। লংজাপ পঞ্চায়তৰ পশ্চিম লংকা গাওঁ, সৰু শালনি, মাজ লংকা গাওঁ এই তিনিখন গাঁও বানৰ কবলত থকাৰ পাছতো চৰকাৰী ৩৮০০ টকাৰ সাহাৰ্য নোপোৱাত ক্ষোভিত হৈ পৰে উত্তেজিত ৰাইজ। পঞ্চায়তখনৰ সভাপতি, সম্পাদকৰ লগতে সকলো কৰ্মচাৰীকে আৱদ্ধ কৰি ৰাখে ক্ষোভিত জনতাই। আনকি উত্তেজিত ৰাইজে পঞ্চায়তটোত তলা ওলমাই দিয়ে। উল্লেখযোগ্য যে, পঞ্চায়তটোৰ সভানেত্ৰী ৰেখামণি বৰাৰ পৰিয়ালৰ লোকসকলে পানী নোসোমোৱাকৈ টকা পোৱাত ক্ষোভিত হৈ পৰে উত্তেজিত লোকসকল। পঞ্চায়তৰ সভানেত্ৰীগৰাকীক বহুসময় আৱদ্ধ কৰি ৰখাই থৈ উত্তেজিত জনতাই। পৰৱৰ্তী সময়ত পলায়ন কৰে সভানেত্ৰী গৰাকীয়ে। ইপিনে, ঘটনাস্থলীত কচুৱা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে। উল্লেখ্য যে, বানে ক্ষতি কৰা অঞ্চলৰ ৰাইজক চৰকাৰে প্ৰদান কৰা বান সাহাৰ্যক লৈ কামপুৰকে ধৰি ৰহাৰো বিভিন্ন অঞ্চলত বিৰ্তকৰ সৃষ্টি হৈছে। সোমবাৰে ৰহাৰ মাগুৰগাঁও পঞ্চায়ততো অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হয়।
Published by: Subham Goswami
FIRST PUBLISHED : July 19, 2022, 13:39 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|