অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বিতৰ্কিত লেখিকা শিখা শৰ্মাক। সততে ছচিয়েল মিডিয়াত আপত্তিজনক কথা বতৰাৰে সংবাদ শিৰোনাম দখল কৰিবলৈ চেষ্টা কৰি থকা শিখা শৰ্মাৰ বিৰুদ্ধে মঙলবাৰে দিছপুৰ থানাত গোচৰ তৰিছিল দুগৰাকী অধিবক্তাই। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা উমী ডেকা বৰুৱা আৰু কংগনা গোস্বামী ভৰদ্বাজে শিখাৰ বিৰুদ্ধে দাখিল কৰিছিল গোচৰ।
ইয়াৰ পিছতে আৰক্ষীয়ে শিখা শৰ্মাক আটক কৰি দিছপুৰ থানাত প্ৰায় তিনি ঘণ্টা ধৰি জেৰা কৰে। আৰু জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় বিতৰ্কিত লেখিকাগৰাকীক। আৰু বৰ্তমান শিখা শৰ্মাক পাণবজাৰ মহিলা আৰক্ষী চকীলৈ লৈ যোৱা হৈছে।
শেহতীয়াকৈ ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণত শ্বহীদ হোৱা দুয়োগৰাকী জোৱানৰ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰিছিল শিখা শৰ্মাই। ইয়াৰ পূৰ্বেও বহুকেইটা বিতৰ্কৰ মাজত সোমাই পৰিছিল লেখিকাগৰাকী। ইফালে বশিষ্ট থানাতো শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে হিন্দু সুৰক্ষা মঞ্চই।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : April 06, 2021, 20:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।