বৰষাৰাণী বিষয়াৰ এটা ফেচবুক পোষ্টক লৈ তীব্ৰ বিতৰ্ক, কি লিখিছিল বৰষাই?

News18 Assam | News18-Assam
Updated:November 28, 2019, 8:24 AM IST
বৰষাৰাণী বিষয়াৰ এটা ফেচবুক পোষ্টক লৈ তীব্ৰ বিতৰ্ক, কি লিখিছিল বৰষাই?
বৰষাৰাণীৰ এই পোষ্টটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বিভিন্নজনে। বহুজনে সমালোচনা কৰিছিল অভিনেত্ৰীগৰাকীক।

বৰষাৰাণীৰ এই পোষ্টটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বিভিন্নজনে। বহুজনে সমালোচনা কৰিছিল অভিনেত্ৰীগৰাকীক।

  • Share this:
অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ এটা ফেচবুক পোষ্টক লৈ শেহতীয়াকৈ সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ। কাৰো নাম উল্লেখ নকৰাকৈ ফেচবুক পোষ্টটোত বৰষাৰাণী বিষয়াই লিখিছিল –
‘ডিঙিত powerloomৰ গামোচা লোৱা প্ৰকৃত অসমীয়া শিপিনীয়ে বোৱা গামোচা চিনি নোপোৱা, অসমৰ বাহিৰত থাকি ফেচবুকত জাতি উদ্ধাৰ কৰাৰ বৰ বৰ কথা লিখাবোৰক মই পুতৌ কৰো। সাহস আছে যদি আহ অসমলৈ আহি মিয়াক খেদি পথাৰত হাল বাহি আহ। নহ’লে ফেচবুকত জ্ঞান দিয়া বন্ধ কৰ... তাৰ নাম নাজানো। জয় আই অসম।’




ইয়াৰ পিছতে বৰষাৰাণীৰ এই পোষ্টটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বিভিন্নজনে। বহুজনে সমালোচনা কৰিছিল অভিনেত্ৰীগৰাকীক। তাৰ পিছত বৰষাৰাণীয়ে পোষ্টটো এডিট কৰি ‘মিয়া’ শব্দটো ‘বাংলাদেশী’ কৰে। তাৰ পিছত পুনৰ এডিট কৰি ‘মিয়া (বাংলাদেশী)’ বুলি উল্লেখ কৰে।

আছৰাফুল হুছেইন নামৰ এজন লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লিখিছে – ‘সম্পূৰ্ণ মিঞা জনগোষ্ঠীৰ প্ৰতি থকা চৰম ঘৃণাৰ ভাৱৰ বহিঃপ্ৰকাশ।

আনহাতে হাছিনা আহমেদ নামৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এই পোষ্টটোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লিখিছে – নিজৰ মৰ্যাদা নিজে বজাই ৰাখিব নোৱাৰিলে তাৰ বাবে দায়ী নিজেই হ’ব।


বিভিন্নজনৰ প্ৰতিক্ৰিয়া–সমালোচনাৰ পিছত অভিনেত্ৰীগৰাকীয়ে স্পষ্টীকৰণ দি পুনৰ এটা পোষ্ট কৰে ফেচবুকত। এই পোষ্টটোত বৰষাই লিখিছে –
‘মই কোনো ধৰ্মৰ আবেগক আঘাত কৰিব খোজা নাই। মিঞা বুলি কওতে মই বাংলাদেশীৰ কথাহে বুজাব খুজিছিলো। আৰু আমি সকলোৱে জানো যে বিদেশী সমস্যা/বাংলাদেশী সমস্যাটো এতিয়া অসমৰ এক জ্বলন্ত সমস্যা। ভ্ৰাম্যমাণ থিয়েটাৰত থাকোতে মই কেইবাবাৰো ইছলাম ধৰ্মৰ লোকৰ ঘৰত আছিলো। সেই ভেদাভেদ মোৰ নাই। তথাপিও মোৰ কথাই যদি আপোনালোকৰ ধৰ্মীয় আবেগত কষ্ট দিছে মোক ক্ষমা কৰিব।’



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি