মাজুলীক অপমান! ক্ষমা খোজাৰ দাবীৰে বিজেপি সাংসদলৈ পত্ৰ প্ৰেৰণ মাজুলীবাসীৰ

News18 Assam | News18-Assam
Updated:January 5, 2020, 11:58 AM IST
মাজুলীক অপমান! ক্ষমা খোজাৰ দাবীৰে বিজেপি সাংসদলৈ পত্ৰ প্ৰেৰণ মাজুলীবাসীৰ
২০১৯ বৰ্ষৰ ১১ ডিচেম্বৰত ৰাজ্যসভাত মাজুলীক লৈ উদ্ভট মন্তব্য কৰিছিল বিজেপি সাংসদ ড০ বিনয় পি সহস্ৰবুদ্ধেই

২০১৯ বৰ্ষৰ ১১ ডিচেম্বৰত ৰাজ্যসভাত মাজুলীক লৈ উদ্ভট মন্তব্য কৰিছিল বিজেপি সাংসদ ড০ বিনয় পি সহস্ৰবুদ্ধেই

  • Share this:
২০১৯ বৰ্ষৰ ১১ ডিচেম্বৰত ৰাজ্যসভাত মাজুলীক লৈ উদ্ভট মন্তব্য কৰিছিল এগৰাকী বিজেপি সাংসদে। সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ মাজুলীক লৈ মহাৰাষ্ট্ৰৰ সাংসদ ড০ বিনয় পি সহস্ৰবুদ্ধেই কৈছিল – ‘মাজুলীত কোনো থলুৱা মানুহ নাই৷ মাজুলীত থকা সকলো মানুহেই অবৈধ অনুপ্ৰৱেশকাৰী৷ সকলো বাংলাদেশৰ পৰা আহি আশ্ৰয় লৈছে মাজুলীত৷’

সাংসদজনে বাংলাদেশীৰ কথা ক’বলৈ গৈ বস্তিৰ সৈতে তুলনা কৰিছিল মাজুলীক৷ অসমৰ সত্ৰ-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ মাজুলীক এইদৰে অপমান কৰাৰ পিছতে জাঙুৰ খাই উঠিছিল মাজুলীবাসী। সাংসদজনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে পুত্তলিকা দাহ কৰি ৭ দিনৰ ভিতৰত ক্ষমা খুজিবলৈ দাবী জনাইছিল মাজুলীবাসীয়ে। সত্ৰাধিকাৰ, জ্যেষ্ঠ নাগৰিক, সমাজ সচেতন ব্যক্তি, দল–সংগঠনে বান্ধি দিয়া ৭ দিন উকলি যোৱাৰ পিছতে সাংসদগৰাকীয়ে ক্ষমা নুখুজিলে, উঠাই নল’লে তেওঁৰ বক্তব্য।

সেয়েহে পুনৰ সাংসদগৰাকীলৈ পত্ৰ প্ৰেৰণ কৰিছে মাজুলীবাসীয়ে। মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰীৰ যোগেদি ১৫ দিনৰ সময়সীমা বান্ধি দি ৰাজ্যসভাৰ অধ্যক্ষ, ৰাজ্যপাল, মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে মাজুলীবাসীয়ে।


NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি