Assam-Assembly-Election: ছচিয়েল মিডিয়াত ভাইৰেল হৈছে কংগ্ৰেছৰ নিৰ্বাচনী বিজ্ঞাপন। 'CAA'ক লৈ বৰাক-ব্ৰহ্মপুত্ৰত নিকৃষ্ট ৰাজনীতি বুলি ছচিয়েল মিডিয়াত সমালোচনা।

News18 Assam | News18-Assam
Updated:April 5, 2021, 9:29 PM IST
Assam-Assembly-Election: ছচিয়েল মিডিয়াত ভাইৰেল হৈছে কংগ্ৰেছৰ নিৰ্বাচনী বিজ্ঞাপন। 'CAA'ক লৈ বৰাক-ব্ৰহ্মপুত্ৰত নিকৃষ্ট ৰাজনীতি বুলি ছচিয়েল মিডিয়াত সমালোচনা।
বৰাকত বাতৰিকাকতত দিয়া কংগ্ৰেছৰ বিজ্ঞাপনত নাই 'CAA' বাতিলৰ গেৰাণ্টী। ৫টা নহয়, আছে মাত্ৰ ৪টা গেৰাণ্টীৰ উল্লেখ।

বৰাকত বাতৰিকাকতত দিয়া কংগ্ৰেছৰ বিজ্ঞাপনত নাই 'CAA' বাতিলৰ গেৰাণ্টী। ৫টা নহয়, আছে মাত্ৰ ৪টা গেৰাণ্টীৰ উল্লেখ।

  • Share this:
'CAA' সন্দৰ্ভত কংগ্ৰেছৰ স্থিতিক লৈ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে কংগ্ৰেছৰ বিজ্ঞাপন। বৰাকৰ সংবাদপত্ৰত প্ৰকাশ পোৱা কংগ্ৰেছৰ বিজ্ঞাপনৰ ফটোক লৈ সৰৱ চৰ্চা ছচিয়েল মিডিয়াত। কাৰণ বৰাকৰ সংবাদপত্ৰত দিয়া বিজ্ঞাপনত নাই 'CAA' বাতিলৰ গেৰাণ্টী।

২০২১ৰ বিধানসভা নিৰ্বাচন ৫টা গেৰাণ্টীৰ আধাৰত যুঁজিছে কংগ্ৰেছে। যাৰ ভিতৰত প্ৰধান  হৈছে 'CAA' বাতিলৰ গেৰাণ্টী। ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় সকলো বাতৰিকাকতত 'CAA' বাতিলৰ গেৰাণ্টীৰ সৈতে ৫টা গেৰাণ্টীৰ বিশাল বিশাল বিজ্ঞাপন দিছিল কংগ্ৰেছে। কিন্তু বৰাকত বাতৰিকাকতত দিয়া বিজ্ঞাপনত নাই 'CAA' বাতিলৰ গেৰাণ্টী। আছে মাত্ৰ ৪টা গেৰাণ্টীৰ উল্লেখ।

'দৈনিক নববাৰ্তা প্ৰসঙ্গ' নামৰ কাকতখনত ছপা হোৱা কংগ্ৰেছৰ বিজ্ঞাপন এটা ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।


এই ফটোখন ভাইৰেল হোৱাৰ লগে লগে বিজেপিকে ধৰি বিভিন্ন দল সংগঠনে সমালোচনা কৰিছে কংগ্ৰেছক। 'CAA'ক লৈ কংগ্ৰেছে বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত দুমুখীয়া স্থিতি লোৱা বুলি সমালোচনা হৈছে সামাজিক মাধ্যমত।

ইতিমধ্যে ১ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হৈ গৈছে বৰাকৰ ১৫টা সমষ্টিৰ নিৰ্বাচন।
Published by: Manjumoni Borah
First published: April 5, 2021, 9:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি