নতুনকৈ টেট পৰীক্ষা! ১৫৫ টেট শিক্ষকৰ গোচৰ উচ্চতম ন্যায়ালয়ত!

আইনী মেৰপেঁচত সোমাল নিয়মীয়া শিক্ষক নিযুক্তি, উচ্চ ন্যায়ালয়ক জনালে প্ৰত্যাহ্বান

News18-Assam
Updated:July 13, 2019, 9:10 AM IST
নতুনকৈ টেট পৰীক্ষা! ১৫৫ টেট শিক্ষকৰ গোচৰ উচ্চতম ন্যায়ালয়ত!
আইনী মেৰপেঁচত সোমাল নিয়মীয়া শিক্ষক নিযুক্তি, উচ্চ ন্যায়ালয়ক জনালে প্ৰত্যাহ্বান
News18-Assam
Updated: July 13, 2019, 9:10 AM IST
ক্ৰমাত্‍ যেন চৰকাৰ আৰু ঠিকা ভিত্তিক টেট শিক্ষকৰ মাজত সংঘাত অধিক তীব্ৰতৰ হৈছে। সাতবছৰৰ মূৰত ৰাজ্যৰ শিক্ষা বিভাগে টেট পৰীক্ষা টেট পৰীক্ষাৰ প্ৰসংগই এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছেগৈ। গুৱাহাটী উচ্চ ন্যায়ালয়ে এক গোচৰ সংক্ৰান্তত সাধাৰণ টেট অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়াৰ পিছত  এতিয়া প্ৰত্যাহ্বান জনাইছে ৰাজ্যৰ একাংশ ঠিকা ভিত্তিক টেট শিক্ষকে।১৫৫ টেট শিক্ষকে এতিয়া বিষয়টো সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈছে। নতুনকৈ ৰাজ্য চৰকাৰে টেট অনুষ্ঠিত কৰিবলৈ লোৱাৰ আগত অস্থায়ী টেট শিক্ষক সকলে এনেদৰে এতিয়া উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হোৱাৰ বিষয়টোৱে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি