দৰমহা নাই, শ্ৰেণী বৰ্জন কাৰ্যসূচী ৬,৬৫০ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ

৫ মাহ ধৰি দৰমহা লাভ কৰা নাই এই ঠিকাভিত্তিক শিক্ষকসকলে।

News18-Assam
Updated:August 2, 2019, 8:55 AM IST
দৰমহা নাই, শ্ৰেণী বৰ্জন কাৰ্যসূচী ৬,৬৫০ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ
FILE PHOTO
News18-Assam
Updated: August 2, 2019, 8:55 AM IST
আজিৰে পৰা ৰাজ্যৰ ৬,৬৫০ গৰাকী ঠিকাভিত্তিক শিক্ষকে চাকৰি নিয়মীয়াকৰণ আৰু প্ৰাপ্য দৰমহাৰ দাবীত গ্ৰহণ কৰিব শ্ৰেণী বৰ্জন কাৰ্যসূচী। চাৰিদিনৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে শিক্ষকসকলে। ৫ মাহ ধৰি দৰমহা লাভ কৰা নাই এই ঠিকাভিত্তিক শিক্ষকসকলে। বাৰম্বাৰ চৰকাৰক দাবী জনাই অহা সত্ত্বেও কোনো কাণসাৰ নিদিয়াত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে শিক্ষকসকলে। ৭ আগষ্টত শিক্ষকসকলে ঘেৰাও কৰিব উপায়ুক্তৰ কাৰ্যালয়।
আৰু চাওক পৰৱৰ্তী বাতৰি