• Home
  • »
  • News
  • »
  • assam
  • »
  • 'ঠিকাভিত্তিক চাকৰি কেতিয়াও নিয়মীয়াকৰণ নহয়'- শিক্ষামন্ত্ৰীৰ মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিল ঠিকাভিত্তিক টেট শিক্ষক

'ঠিকাভিত্তিক চাকৰি কেতিয়াও নিয়মীয়াকৰণ নহয়'- শিক্ষামন্ত্ৰীৰ মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিল ঠিকাভিত্তিক টেট শিক্ষক

২৮ ফেব্ৰুৱাৰীত সৰ্বশিক্ষাৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী।

২৮ ফেব্ৰুৱাৰীত সৰ্বশিক্ষাৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী।

২৮ ফেব্ৰুৱাৰীত সৰ্বশিক্ষাৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী।

  • Share this:
'ঠিকাভিত্তিক শিক্ষকৰ চাকৰি কেতিয়াও নিয়মীয়াকৰণ নহয়। চৰকাৰে কিন্তু প্ৰায় নিয়মীয়াকৰণ কৰি দিছে। কিন্তু নিয়মীয়া আৰু ঠিকা ভিত্তিক চাকৰিৰ মাজত সদায়েই এটা পাৰ্থক্য থাকিব। আপোনালোকে নিজে নিজে কথাবিলাক নাভাবিব। দেশত আইন আছে। আইনে চলাব। সোমাওতেই আপোনালোক ভুল ঠাইত সোমাইছে। এই ক্ষেত্ৰত মোৰ পৰা আশা নাৰাখিব। ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া নহয়।'- একাংশ ঠিকাভিত্তিক শিক্ষকৰ সৈতে হোৱা কথোপথনত এনেদৰে মন্তব্য কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

আৰু ৰণোজ পেগুৰ মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকসকল। ক'লা বেজ পৰিধান কৰি বিদ্যালয়ৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষকসকলে। লগতে প্ৰাপ্যৰ পৰা বঞ্চিত হ'লে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী হাতত লব বুলি হুংকাৰ দিছে।

উল্লেখ্য যে, নিয়মীয়াকৰণৰ আশ্বাসেৰে ২০২০ চনৰ ১ জুলাইত ৰাজ্য চৰকাৰে কেবিনেট সিদ্ধান্ত যোগে এইসকল শিক্ষকৰ চাকৰিৰ ম্যাদ ৬০ বছৰলৈ বৃদ্ধি কৰাৰ লগতে নিয়মীয়া শিক্ষকৰৰ সমহাৰৰ নীতি অনুসৰি দৰমহা, মেডিকেল ৰি-এমব্ৰাচমেণ্ট, আপোনঘৰ লোণ আদি সুবিধা প্ৰদানৰ নিৰ্দেশনা প্ৰকাশ কৰা হৈছিল। কিন্তু মন্ত্ৰী ৰণোজ পেগুৱে ইয়াকে লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰি বিবৃতি যোগে সদৌ অসম টেট উত্তীৰ্ণ প্ৰাথমিক শিক্ষক সমাজৰ নেতৃত্বই কয় যে, বাস্তৱ ক্ষেত্ৰত কেবিনেট সিদ্ধান্তৰে প্ৰকাশিত ৰাজ্যপালৰ নিৰ্দেশনাৰ কোনো সুবিধা প্ৰদান কৰা হোৱা নাই সৰ্বশিক্ষাৰ শিক্ষকসকলক।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি