உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ঠিকাভিত্তিক কৰ্মচাৰীৰ আন্দোলনত স্তব্ধ ৰাজ্যৰ গ্ৰামোন্নয়ন বিভাগ ! বিগত ১১ দিনৰ পৰা কৰ্মবিৰতি ৰাজ্যৰ ৮ হাজাৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ ...

    ঠিকাভিত্তিক কৰ্মচাৰীৰ আন্দোলনত স্তব্ধ ৰাজ্যৰ গ্ৰামোন্নয়ন বিভাগ ! বিগত ১১ দিনৰ পৰা কৰ্মবিৰতি ৰাজ্যৰ ৮ হাজাৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ ...

    ঠিকাভিত্তিক কৰ্মচাৰীৰ আন্দোলনত স্তব্ধ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ । যোৱা ১১ দিনৰ পৰা কৰ্মবিৰতিত ৰাজ্যৰ ৮ হাজাৰ ঠিকাভিত্তিক কৰ্মচাৰী ।

    ঠিকাভিত্তিক কৰ্মচাৰীৰ আন্দোলনত স্তব্ধ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ । যোৱা ১১ দিনৰ পৰা কৰ্মবিৰতিত ৰাজ্যৰ ৮ হাজাৰ ঠিকাভিত্তিক কৰ্মচাৰী ।

    ঠিকাভিত্তিক কৰ্মচাৰীৰ আন্দোলনত স্তব্ধ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ । যোৱা ১১ দিনৰ পৰা কৰ্মবিৰতিত ৰাজ্যৰ ৮ হাজাৰ ঠিকাভিত্তিক কৰ্মচাৰী ।

    • Share this:
    ঠিকাভিত্তিক কৰ্মচাৰীৰ আন্দোলনত স্তব্ধ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ । যোৱা ১১ দিনৰ পৰা কৰ্মবিৰতিত ৰাজ্যৰ ৮ হাজাৰ ঠিকাভিত্তিক কৰ্মচাৰী । ৰাজ্যৰ জিলাই জিলাই যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা চলিছে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ আন্দোলন ।

    ৰাজ্যৰ আন জিলাৰ সমান্তৰালভাৱে হাইলাকান্দি জিলাতো ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ২০১০ চনৰ পৰা কৰ্মৰত ঠিকাভিত্তিত কৰ্মচাৰী সকলে যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা পালন কৰিছে কৰ্মবিৰতি । জিলাৰ বিভিন্ন উন্নয়ন খণ্ডত আন্দোলন কৰাৰ পিছতে আজি স্থানীয় জিলা পৰিষদ কাৰ্যালয়ত জিলাৰ দুই শতাধিক কৰ্মী একত্ৰিত হৈ পালন কৰে অৱস্থান ধৰ্মঘট । বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই কৰ্মচাৰী সকলোৰ সৈতে প্ৰাথমিক পৰ্যায়ত আলোচনাত বহিলেও ওলোৱা নাই কোনো সমাধান সূত্ৰ ।

    উল্লেখযোগ্য যে, এইসকল কৰ্মচাৰীয়ে সম দৰমহা, চাকৰি নিশ্চিত কৰণ, চৰকাৰী অন্যান্য বিভাগত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীৰ দৰে সা-সুবিধা প্ৰদান, বছৰি দৰমহা বৃদ্ধিৰ দাবীৰে বহুদিনৰ পৰা চৰকাৰৰ ওচৰত দাবী জনাই আহিছে । কিন্তু এই পৰ্যন্ত কোনো সুদুত্তৰ নোপোৱাত এইদৰে কাৰ্যালয়ৰ সন্মুখত প্ৰতিগৰাকী কৰ্মচাৰীয়ে কৰ্মবিৰতি ঘোষণা কৰিছে । লগতে অনতি পলমে এই ক্ষেত্ৰত চৰকাৰে পদক্ষেপ গ্ৰহণ নকৰিলে আগন্তুক সময়তে এই আন্দোলন অধিক শক্তিশালী হ’ব বুলি হুংকাৰ প্ৰদান কৰিছে ঠিকাভিত্তিক কৰ্মচাৰী সকলে ।
    Published by:Kokil Sarma
    First published: