মাঘ বিহুৰ আগতে নহ’ল দৰমহা, উৰুকাৰ দিনাও দৰমহা বিচাৰি টুইট চৰকাৰী হাস্পতালত কৰ্মৰত আয়ুস্মান মিত্ৰৰ, মুখ্যমন্ত্ৰী-স্বাস্থ্যমন্ত্ৰীক গোহাৰি

News18 Assam | News18-Assam
Updated:January 13, 2021, 11:13 AM IST
মাঘ বিহুৰ আগতে নহ’ল দৰমহা, উৰুকাৰ দিনাও দৰমহা বিচাৰি টুইট চৰকাৰী হাস্পতালত কৰ্মৰত আয়ুস্মান মিত্ৰৰ, মুখ্যমন্ত্ৰী-স্বাস্থ্যমন্ত্ৰীক গোহাৰি
ফাইল ফটো

দৰমহা নাপাই ছচিয়েল মিডিয়াত প্ৰতিবাদ।

  • Share this:
উৰুকাৰ দিনাও দৰমহা বিচাৰি প্ৰতিবাদ কৰিব লগা হ'ল ক'ভিদ ১৯ৰ বিপক্ষে যুঁজত নিয়োজিত একাংশ স্বাস্থ্যবিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী। প্ৰধানমন্ত্ৰী আয়ুস্মান ভাৰত অভিযানৰ অন্তৰ্গত অসমৰ চৰকাৰী হস্পিতাল সমূহত কৰ্মৰত আয়ুস্মান মিত্ৰসকলে বিগত ৫মাহে পোৱা নাই দৰমহা।

দৰমহা আৰু চাকৰিৰ সুৰক্ষা বিচাৰি ষ্টেট ন'ডেল চেলৰ কাৰ্যালয়লৈ যোৱা আয়ুস্মান মিত্ৰ সকল বিগত সময়ছোৱাত স্বাস্থ্য বিভাগৰ ষ্টেট ন'ডেল চেলৰ কৰ্মচাৰী সকলে চৰম দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উঠিছে।সেয়ে ক্ষোভিত কৰ্মচাৰী সকলে মহানগৰীৰ ছয় ষ্টেট ন'ডেল চেলৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিছিল যদিও স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা আলোচনাৰ পিচত তেওঁলোকে পুনৰ আন্দোলনৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰি চৰকাৰী চিকিৎসালয় সমূহত কৰ্মত নিয়োজিত হৈছিল।



জানিবপৰামতে, চৰকাৰী হাস্পতালত কৰ্মৰত আয়ুস্মান মিত্ৰসকলক মাঘ বিহুৰ উৰুকাৰ পূৰ্বেই দৰমহা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল। কিন্তু মঙলবাৰেও দৰমহা নোপোৱাৰ পিছত বৰ্তমান হতাশ হৈ পৰিছে এইসকল কৰ্মচাৰী।

সেয়ে উৰুকাৰ দিনা এইদৰে সামাজিক মাধ্যম টুইটাৰতে প্ৰতিবাদ স্যবস্ত কৰিবলৈ বাধ্য হৈছে বিনাবেতনে বিগত ৫মাহে সেৱা আগবঢ়োৱা এইসকল আয়ুস্মান মিত্ৰই।

আয়ুস্মান মিত্ৰসকলে টুইটাৰৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক উৰুকাৰ দিনা ৫মাহৰ দৰমহা প্ৰদানৰ বাবে আহ্বান জনাইছে।

উল্লেখযোগ্য যে, চৰকাৰী হস্পিতালত কৰ্মৰত আয়ুস্মান মিত্ৰসকলক দৰমহাৰ পৰা বঞ্চিত কৰাৰ বিপৰীতে আশ্বৰ্য্যজনক ভাৱে অভিযোগ উঠিছে যে, ব্যক্তিগত হস্পিতালত কৰ্মৰত আয়ুস্মান মিত্ৰসকলক প্ৰদান কৰা হৈছে তিনিমাহৰ দৰমহা।
First published: January 13, 2021, 11:04 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading