নগাঁৱৰ উৰিয়াগাঁৱৰ পৰা চামগুৰিৰ ৰঙাগড়ালৈ আৰু ৰঙাগড়াৰ পৰা নলতলিলৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ (Fourlane National Highway)ৰ কাম একেবাৰে লেহেমীয়া গতিত চলিছে।
নগাঁৱৰ উৰিয়াগাঁৱৰ পৰা চামগুৰিৰ ৰঙাগড়ালৈ আৰু ৰঙাগড়াৰ পৰা নলতলিলৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ (Fourlane National Highway)ৰ কাম একেবাৰে লেহেমীয়া গতিত চলিছে।
ৰাজ্যৰ শাসনৰ দায়িত্ব লৈয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ গতি ক্ষিপ্ৰতৰ কৰাৰ কথা ঘোষণা কৰাৰ লগতে প্ৰতিটো বিভাগকে গতিশীল কৰাৰ চেষ্টা কৰিছে। পিছে একাংশ ঠিকাদাৰী প্ৰতিষ্ঠানৰ হেমাহিৰ বাবে মুখ্যমন্ত্ৰীৰ এই উন্নয়নৰ যাত্ৰা স্থবিৰ হেৱাৰ আশংকাই দেখা দিছে।
বিশেষকৈ, অসমৰ নগাঁৱ (Nagaon)ৰ পৰা ডিব্ৰুগড় (Dibrugarh)লৈ নিৰ্মীয়মান অৱস্থাত থকা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ (Fourlane National Highway)ৰ নিৰ্মাণ কাৰ্য যথেষ্ট লেহেমীয়া গতিত চলি আছে। খৰালি কাম নকৰা ঠিকাদাৰী প্ৰতিষ্ঠানে বাৰিষা পথৰ মাজত খনন কাৰ্য চলোৱাৰ ফলত জনসাধাৰণৰ যাতায়ত বিঘ্নিত হৈছে।
নগাঁৱৰ উৰিয়াগাঁৱৰ পৰা চামগুৰিৰ ৰঙাগড়ালৈ আৰু ৰঙাগড়াৰ পৰা নলতলিলৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম একেবাৰে লেহেমীয়া গতিত চলিছে। বিশেষকৈ পুৰণিগুদামৰ ন-আলিমূৰ, কলেজৰ মুখ, কাষৰিগাঁও আদিৰ নিৰ্মাণকাৰী সংস্থাই পথৰ মাজত খনন কাৰ্য চলাই ৰাজপথৰ কাষত বোকামাটি জমা কৰি থোৱাৰ ফলত যাত্ৰীসকলে ব্যাপক দুৰ্ভোগ ভূগিব লগা হৈছে। আনকি অলপ বৰষুণ দিলেই দুচকীয়া বাহনত অহা-যোৱা কৰা যাত্ৰী দূৰ্ঘটনাত পতিত হোৱাও দেখা গৈছে। পথৰ মাজত গাত খান্দি লগে লগে নিৰ্মাণ নকৰাৰ ফলত ব্যাহত হৈছে ইণ্টাৰনেট সেৱাও।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|