মাকুমৰ টিংৰাই নৈত কলৰ ভূঁৰৰ পৰা পৰি সন্ধানহীন ঠিকাদাৰ, কথমপি প্ৰাণ ৰক্ষা অভিযন্তা যুৱতীৰ

আজিও নিখোজ ঠিকাদাৰজনৰ সন্ধানত পুৱাৰে পৰা NDRF, SDRF বাহিনীৰ লগতে ডুবাৰুৱে অভিযান অব্যাহত ৰাখিছে।
আজিও নিখোজ ঠিকাদাৰজনৰ সন্ধানত পুৱাৰে পৰা NDRF, SDRF বাহিনীৰ লগতে ডুবাৰুৱে অভিযান অব্যাহত ৰাখিছে।
- News18 Assam
- Last Updated: July 8, 2020, 4:06 PM IST
নৈৰ সোঁতত উটি যোৱা অভিযন্তা পল্লৱী ভৰালীক কিছু নিলগত স্থানীয় ৰাইজে উদ্ধাৰ কৰে যদিও ঠিকাদাৰ অনন্ত মৰাণ দুদিন ধৰি সন্ধানহীন হৈ আছে। ইটাখুলি ব্লকৰ অভিযন্তা পল্লৱী ভৰালীক আঘাতপ্ৰাপ্ত অৱস্থাত তিনিচুকীয়াৰ এখন ব্যক্তিগত নাৰ্ছিং হোমলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে।
আজিও নিখোজ ঠিকাদাৰজনৰ সন্ধানত পুৱাৰে পৰা NDRF, SDRF বাহিনীৰ লগতে ডুবাৰুৱে অভিযান অব্যাহত ৰাখিছে। উল্লেখ্য যে, মাকুম টেঙাপানী ৰোডৰ বাসিন্দা অনন্ত মৰাণৰ বাসগৃহত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। ৪১ঘৰ লোকে বসবাস কৰা খেৰবাৰী গাঁৱৰ বাসিন্দাসকলৰ টিংৰাই নৈ পাৰ হোৱাৰ বাবে এখন বাঁহৰ দলঙে আছিল একমাত্ৰ সাৰথি। কিন্তু বানে প্ৰায় ২০ দিন পূৰ্বে বাঁহৰ দলংখন উটুৱাই নিয়াৰ পৰিপেক্ষিতত কলৰ ভূঁৰেৰেই যাতায়াত কৰিবলগীয়া হৈছিল গাঁওবাসীয়ে। যাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।