মুখ্যপৃষ্ঠা » খবৰ

» অসম

»আৰু ১০ দিনৰ বাবে কণ্টেইনমেণ্ট হোৱাৰ দিশে গোলাঘাট জিলা। স্বাস্থ্য মন্ত্ৰীয়ে বুজ ল'লে পৰিস্থিতিৰ।

আৰু ১০ দিনৰ বাবে কণ্টেইনমেণ্ট হোৱাৰ দিশে গোলাঘাট জিলা। স্বাস্থ্য মন্ত্ৰীয়ে বুজ ল'লে পৰিস্থিতিৰ।

News18 Assam | News18-Assam
Updated:July 3, 2021, 1:41 PM IST
আৰু ১০ দিনৰ বাবে কণ্টেইনমেণ্ট হোৱাৰ দিশে গোলাঘাট জিলা। স্বাস্থ্য মন্ত্ৰীয়ে বুজ ল'লে পৰিস্থিতিৰ।
গোলাঘাটৰ বোকাখাত মহকুমাৰ বিভিন্ন  চাহবাগিচাত ইতিমধ্যেই  ১৭টা আৰু গাঁও এলেকাত ২১টা কোভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰা হৈছে।

গোলাঘাটৰ বোকাখাত মহকুমাৰ বিভিন্ন  চাহবাগিচাত ইতিমধ্যেই  ১৭টা আৰু গাঁও এলেকাত ২১টা কোভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰা হৈছে।

  • Share this:
সম্পূৰ্ণ কণ্টেইনমেণ্ট জ'নৰ দিশে গতি কৰিছে গোলাঘাট জিলা ৷ কণ্টেইনমেণ্ট জ'নত থকা বোকাখাত মহকুমাত যোৱা ৫টা দিনত কোভিডত আক্ৰান্তৰ সংখ্যা গড়ে ৯ শতাংশ হৈ আছে ৷ বোকাখাতত স্বাস্থ্য মন্ত্ৰী, কৃষি মন্ত্ৰীৰ লগত জিলা প্ৰশাসনৰ জৰুৰী বৈঠক অনুস্থিত হয় ৷

বোকাখাত মহকুমাত বৃদ্ধি হব মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন ৷ বোকাখাত মহকুমাত বিগত কিছু দিনত কোভিড ১৯ ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি  লক্ষ্য ৰাখি শুকুৰবাৰে  নিশা স্বাস্থ্য মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্রী কেশৱ মহন্তই বোকাখাত মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত গোলাঘাট জিলা তথা বোকাখাত মহকুমা প্ৰশাসন, আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ সৈতে এখনি জৰুৰী পৰ্য্যালোচনা বৈঠকত মিলিত হয়। বোকাখাতৰ মহকুমাধিপতি বিপুল দাসে চাহ বাগিচা সমূহত কোভিড ১৯ ৰ সংক্ৰমণ বৃদ্ধি পাইছে বুলি বৈঠকত উল্লেখ কৰে। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে চাহবাগিচাৰ লগতে  গাঁওসমূহত স্থাপন কৰা কোভিড কেয়াৰ চেণ্টাৰসমূহৰ বুজ লয়।

উল্লেখযোগ্য যে বোকাখাত মহকুমাৰ বিভিন্ন  চাহবাগিচাত ইতিমধ্যেই  ১৭টা আৰু গাঁও এলেকাত ২১টা কোভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰা হৈছে। বৈঠকত স্বাস্থ্যমন্ত্ৰীয়ে সম্পূৰ্ণ  কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা বোকাখাত মহকুমাত মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন গঠন কৰিবলৈ মহকুমা প্ৰশাসনক নিৰ্দেশ দিয়ে। আনহাতে মাইক্ৰ' কণ্টেইনমেণ্ট জ'নসমূহত ১০০ শতাংশ কোভিড টেষ্ট কৰাৰ লগতে এনে মাইক্ৰ' কণ্টেইনমেণ্ট জ'নত অন্তৰ্ভুক্ত পৰিয়ালসমূহলৈ খাদ্য সামগ্রীৰ পৰ্য্যাপ্ত যোগান ধৰিবলৈয়ো প্ৰশাসনক নিৰ্দেশ দিয়ে।

ইফালে আজি স্বাস্থ্য বিভাগৰ মুখ্য সচিব অনুৰাগ গোৱেলে মহকুমাটোৰ গ্ৰামাঞ্চল আৰু বাগিছা অঞ্চলত স্থাপন কৰা কোভিড কেয়াৰ চেণ্টাৰ পৰিদৰ্শন কৰাৰ লগতে মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত সাধাৰণ প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ লগত জৰুৰী আলোচনাত মিলিত হয় ৷ সাংবাদিকৰ লগত হোৱা বাৰ্তালাপত গোৱেলে গোলাঘাট জিলাক আৰু ১০ দিনৰ বাবে কণ্টেইনমেণ্ট জ'ন ঘোষণাৰ ইংগিত দিয়ে ৷
Published by: Manjumoni Borah
First published: July 3, 2021, 1:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি