• Home
  • »
  • News
  • »
  • assam
  • »
  • Road to Lovlina's Home : আৰম্ভ হ'ল লাভলীনাৰ ঘৰলৈ যোৱা পথ পকীকৰণৰ কাম, VIP যাবলৈহে পথ নিৰ্মাণ কৰিছে বুলি সমালোচনা!

Road to Lovlina's Home : আৰম্ভ হ'ল লাভলীনাৰ ঘৰলৈ যোৱা পথ পকীকৰণৰ কাম, VIP যাবলৈহে পথ নিৰ্মাণ কৰিছে বুলি সমালোচনা!

লাভলীনাই টকিঅ' অলিম্পিকত ৬৯ কেজি শাখাত ছেমিফাইনেলত প্ৰবেশ কৰাৰ লগে লগে নিশ্চিত হৈছে ব্ৰঞ্জৰ পদক।

লাভলীনাই টকিঅ' অলিম্পিকত ৬৯ কেজি শাখাত ছেমিফাইনেলত প্ৰবেশ কৰাৰ লগে লগে নিশ্চিত হৈছে ব্ৰঞ্জৰ পদক।

লাভলীনাই টকিঅ' অলিম্পিকত ৬৯ কেজি শাখাত ছেমিফাইনেলত প্ৰবেশ কৰাৰ লগে লগে নিশ্চিত হৈছে ব্ৰঞ্জৰ পদক।

  • Share this:
টকিঅ' অলিম্পিক (Tokyo Olympics 2020)ত পদক নিশ্চিত কৰাৰ পিছ মুহূৰ্ততে আৰম্ভ হৈছে অসম গৌৰৱ বক্সাৰ লাভলীনা বৰগোহাঁই(Lovlina Borgohain)ৰ ঘৰলৈ যোৱা পথটোৰ উন্নয়নৰ কাম। এই কামত আগভাগ লৈছে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে (Biswajit Phukan)। এটা ভিডিঅ' ছেয়াৰ কৰি বিধায়কগৰাকীয়ে পথটোৰ পকীকৰণৰ কাম আৰম্ভ হোৱা বুলি সদৰী কৰে।  বিধায়কগৰাকীয়ে ছেয়াৰ কৰা ভিডিঅ'টো চালেই অনুমান হয় কিমান শোচনীয় লাভলীনাৰ ঘৰলৈ যোৱা পথ।



উল্লেখ্য যে বৰপথাৰৰ ভিতৰুৱা বাৰমুখীয়া গাঁৱৰ জীয়ৰী লাভলীনা বৰগোহাঁই। লাভলীনাই টকিঅ' অলিম্পিকত ৬৯ কেজি শাখাত ছেমিফাইনেল (Semi Final)ত প্ৰবেশ কৰাৰ লগে লগে নিশ্চিত হৈছে ব্ৰঞ্জ (Bronze)ৰ পদক। অলিম্পিকত পদক লাভ কৰা অসমৰ একমাত্ৰ খেলুৱৈ ৰূপে ইতিহাস ৰচনা কৰিছে লাভলীনাই। তাৰ পিছতে যুদ্ধগতিত কাম আৰম্ভ হৈছে বৰপথাৰৰ পৰা বাৰমুখীয়াৰ লাভলীনাৰ ঘৰলৈ যোৱা পথছোৱাৰ কাম।

ইমানদিনে পথছোৱাৰ উন্নতি হোৱা নাছিল। এজাক বৰষুণ আহিলেই বোকা-পানীত পোত গৈছিল এই পথছোৱা। এই বোকা-পানী গছকীয়েই হয়তো লাবলীনাই কিমান অহা-যোৱা কৰিছে এই পথেৰে। কিন্তু ইমানদিনে চৰকাৰৰ নদৰত পৰা নাছিল পথটো। এইবাৰ লাভলীনাই সকলোৰে চকু খুলি দিলে।

পথছোৱা উন্নয়নৰ কাম আৰম্ভ হোৱাত স্থানীয় লোককে ধৰি বহুতেই আদৰণি জনাইছে। কিন্তু ছচিয়েল মিডিয়াত বহুতেই এই বুলি সমালোচনাও কৰিছ যে গাঁওলীয়া পথবোৰ উন্নয়ন হ'বলৈ অলিম্পিকত পদক জয় কৰিবই লাগিব নেকি! উল্লেখ্য যে লাভলীনাই ইয়াৰ পূৰ্বেও দুবাৰ বিশ্ব চেম্পিয়নশ্বিপত আৰু দুবাৰ এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। কিন্তু ইমানৰ পিছতো লাভলীনাৰ ঘৰৰ সন্মুখৰ পথটোৰ উন্নতি হোৱা নাছিল। সেয়ে বহুতেই ক'ব বিচাৰিছে যে এতিয়া অলিম্পিকৰ পদক লাভৰ পিছত ভিআইপি-ভিভিআইপি (VIP-VVIP)সকল যাবলৈহে পথটো মেৰামতি কৰা হৈছে নেকি!

লক্ষণীয় যে পথটো ইমানেই বেয়া যে খোদ বিশ্বজিৎ ফুকনৰ বাহনো লাভলীনাৰ ঘৰৰ সন্মুখলৈ যাব নোৱাৰিলে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি