• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ’লেই দেশত নাইকীয়া হ’ব কোৰোণা ভাইৰাছ’- দাবী কৰিলে বিজেপি নেতাই

‘ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ’লেই দেশত নাইকীয়া হ’ব কোৰোণা ভাইৰাছ’- দাবী কৰিলে বিজেপি নেতাই

৫ আগষ্টত ৰাজম মন্দিৰ নিৰ্মাণৰ বাবে হ’ব ভূমি পূজন। এই উত্‍সৱৰ বাবে এতিয়া আগ্ৰহেৰে ৰৈ আছে সমগ্ৰ দেশবাসী। তাৰ মাজতে এগৰাকী মুছলমান যুৱতীয়ে দেখুৱালে সমন্বয়ৰ নিদৰ্শন।

৫ আগষ্টত ৰাজম মন্দিৰ নিৰ্মাণৰ বাবে হ’ব ভূমি পূজন। এই উত্‍সৱৰ বাবে এতিয়া আগ্ৰহেৰে ৰৈ আছে সমগ্ৰ দেশবাসী। তাৰ মাজতে এগৰাকী মুছলমান যুৱতীয়ে দেখুৱালে সমন্বয়ৰ নিদৰ্শন।

সমাজবাদী পাৰ্টীৰ সাংসদৰ মতে আকৌ, ‘Covid-19 বেমাৰ নহয় বৰঞ্চ মানুহৰ পাপৰ বিনিময়ত ভগৱানৰ দণ্ড।’

  • Share this:
কোৰোণা মহামাৰীয়ে দেশত সংহাৰী ৰূপ লৈছে। আজি পৰ্যন্ত দেশত ১২ লাখতকৈ অধিক লোক কোৰোণাত আক্রান্ত হোৱাৰ লগতে প্ৰায় ৩০ হাজাৰ লোকে মৃত্যুক সাৱটি লৈছে। যোৱা ২৪ ঘন্টাত ৪৫হাজাৰতকৈ অধিক লোকৰ দেহত পোৱা গৈছে কোৰোণাৰ সংক্ৰমণ।  কিন্তু তাৰ মাজতে মধ্য প্ৰদেশৰ জ্যেষ্ঠ বিজেপি নেতাই দিছে কোৰোণাকলৈ ভৱিষ্যতবাণী।



মধ্য প্ৰদেশ বিধান সভাৰ ‘Protem Speaker’ ৰামেশ্বৰ শৰ্মাৰ মতে, অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ লগে-লগেই কোৰোণা ভাইৰাছ নিঃশেষ হ’বলৈ আৰম্ভ হ’ব।বিজেপি নেতাজনে ANIক কয় – “ভগৱান ৰামৰ আবিৰ্ভাৱ হৈছিল দুষ্টক দমন কৰি মানৱতাৰ কল্যাণ কৰিবলৈ। গতিকে ৰাম মন্দিৰ নিৰ্মাণৰ লগে-লগেই Covid-19 মহামাৰী নিৰ্মূল হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।’

যোৱা মঙলবাৰে চম্ভলৰ  সমাজবাদী পাৰ্টিৰ সাংসদ শফিকুৰ ৰহমানেও Covid-19 বেমাৰ নহয় বৰঞ্চ মানুহৰ পাপৰ বিনিময়ত ভগৱানৰ দণ্ড বুলি অভিহিত কৰিছিল। ঈশ্বৰৰ উপাসনাই ইয়াৰ একমাত্ৰ প্ৰতিকাৰ বুলিও মন্তব্য কৰিছিল সাংসদগৰাকীয়ে । অনাগত ঈদত তেওঁ ইদগাহ আৰু মছজিদ সমূহ নামাজ আগবঢ়াবলৈ মুকলি কৰি দিবলৈও দাবী উত্থাপন কৰিছিল।

ৰহমানে কয় - ‘কোৰোণা ভাইৰাছৰ কোনো ঔষধ বা প্ৰতিষেধক এতিয়ালৈ ওলোৱা নাই; গতিকে Covid-19 ৰোগ নহয়; ই হৈছে মানুহে কৰা পাপৰ বিনিময়ত ভগৱানৰ পৰা লাভ কৰা শাস্তি। মোৰ বিশ্বাস আমি মছজিদত ভগৱানক ক্ষমা বিচাৰি উপাসনা কৰিলে, ভগৱানে আমাৰ কথা শুনিব আৰু পৰিস্থিতি উন্নত হ’ব।’
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি