অচিৰেই নিৰ্মাণ আৰম্ভ হ’ব যোৰহাট-মাজুলী সংযোগী দলঙখনৰ, কিন্তু ক’ত আৰু কেতিয়া?

News18 Assam | News18-Assam
Updated:August 7, 2020, 10:44 AM IST
অচিৰেই নিৰ্মাণ আৰম্ভ হ’ব যোৰহাট-মাজুলী সংযোগী দলঙখনৰ, কিন্তু ক’ত আৰু কেতিয়া?
দলঙখনৰ নিৰ্মাণৰ বাবে ক্ষতিৰ সন্মুখীন হ’বলগা অঞ্চলসমূহৰ লোকসকলৰ পৰা ইতিমধ্যে মতামত গ্ৰহণ কৰা হৈছে।

দলঙখনৰ নিৰ্মাণৰ বাবে ক্ষতিৰ সন্মুখীন হ’বলগা অঞ্চলসমূহৰ লোকসকলৰ পৰা ইতিমধ্যে মতামত গ্ৰহণ কৰা হৈছে।

  • Share this:
দীঘলীয়া প্ৰতীক্ষাৰ অন্তত অচিৰেই ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণকাৰ্য আৰম্ভ হ’ব যোৰহাট-মাজুলী সংযোগী দলঙখনৰ। এই বছৰৰ অক্টোবৰ-নৱেম্বৰৰ পৰা ব্ৰহ্মপুত্ৰৰ ওপৰত যোৰহাট-মাজুলী সংযোগী দলংখনৰ নিৰ্মাণৰ প্ৰাথমিক কাম আৰম্ভ হ’ব। কিন্তু পূৰ্বতে ভবাৰ দৰে নিমাতী-কমলাবাৰী ঘাট সংযোগ নকৰে এই দলঙে। এই দলং নিৰ্মাণ কৰা হ’ব এক নতুন স্থানত।

কেইবাবছৰ ধৰি কৰা অধ্যয়নৰ অন্তত মাজুলীৰ দক্ষিণপাত আৰু যোৰহাটৰ হাতীশাল সংযোগ কৰি এই ৬.৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখন নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দলঙখনৰ নিৰ্মাণৰ বাবে ক্ষতিৰ সন্মুখীন হ’বলগা অঞ্চলসমূহৰ লোকসকলৰ পৰা ইতিমধ্যে মতামত গ্ৰহণ কৰা হৈছে। এইসকল লোকে যোৰহাটৰ চটাইৰ পৰা কমলাবাৰীলৈকে নিৰ্মাণ হ’বলগা এই দলং তথা পথৰ প্ৰকল্পক আদৰণি জনাইছে। ইতিমধ্যে দলঙৰ নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণৰ কাম আৰম্ভ কৰা হৈছে।

"মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত এই বছৰৰ অক্টোবৰ-নৱেম্বৰ মাহৰ পৰাই দলংখনৰ নিৰ্মাণৰ প্ৰাথমিক কামখিনি আৰম্ভ কৰা হ’ব। যোৰহাটৰ হাতীশাল অঞ্চলৰ পৰা কাম আৰম্ভ কৰিবলৈ কিছু পলম হ’ব যদিও মাজুলীৰ দক্ষিণপাত অঞ্চলৰ পৰা কাম আৰম্ভ কৰিব পৰা যাব। এই প্ৰকল্পৰ দ্বাৰা মাজুলীৰ কমলাবাৰীক যোৰহাটৰ চটাইৰ সৈতে সংযোগ কৰা হ’ব। ইতিমধ্যে এই প্ৰকল্পৰ বাবে মাটি অধিগ্ৰহণ কৰিবলগা লোকসকলৰ মতামত গ্ৰহণ কৰা হৈছে আৰু সকলোৱে ইয়াক আদৰণি জনাইছে।", যোৰহাটৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে এনেদৰে কয়।

বিগত প্ৰায় তিনি বছৰ ধৰি উপগ্ৰহৰ সহায়ত কৰা অধ্যয়নৰ অন্তত নিশ্চিত কৰা হৈছে যে দলংখন নিৰ্মাণ কৰিবলগা মাজুলীৰ দক্ষিণপাত অঞ্চলৰ অংশত বিগত প্ৰায় ৩৫ বছৰ ধৰি খহনীয়া হোৱা নাই তথা মাটিৰ ক্ষতি হোৱা নাই। দলংখনৰ স্থায়িত্বৰ প্ৰতি লক্ষ্য ৰাখি ISROকে ধৰি কেইবাটাও প্ৰতিষ্ঠানৰ সহযোগত কৰা হৈছিল অধ্যয়ন। সেয়েহে দলঙৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰিবলৈ ইমান সময়ৰ প্ৰয়োজন হ’ল বুলি জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে।

আনহাতে, এই দলং হোৱাৰ পিছতো চলি থাকিব নিমাতী-কমলাবাৰী ফেৰীসেৱা। এই নতুন স্থানেৰে দলংখন নিৰ্মাণ কৰিবলৈ লোৱা বাবে জনসাধাৰণে সন্মুখীন হ’বলগা ক্ষতিৰ পৰিমাণো বহু কম হ’ব। কাৰণ নিমাতীৰ পৰা দলঙখন নিৰ্মাণ হোৱা হ’লে বহুকেইখন আৱাসিক গাঁৱৰ মাজেৰে এই প্ৰকল্পৰ নিৰ্মাণকাৰ্য চলিলহেঁতেন। ব্ৰহ্মপুত্ৰৰ ওপৰত দলংখনৰ দৈৰ্ঘ্য হ’ব ৬.৭৫ কিলোমিটাৰ।

দলংখন সংযোগী মাজুলী আৰু যোৰহাটত পথৰ মুঠ দৈৰ্ঘ্য হ’ব ২৩.৪৫০ কিলোমিটাৰ। ইয়াৰে মাজুলীত দলঙৰ পৰা কমলাবাৰী চাৰিআলি সঙযোগী পথছোৱাৰ দৈৰ্ঘ্য হ’ব ১৫ কিলোমিটাৰ আৰু যোৰহাটত দলঙৰ পৰা চটাইৰ JISTলৈকে সংযোগ কৰিব লগা পথছোৱাৰ দৈৰ্ঘ্য হ’ব ৮.৪৫০ কিলোমিটাৰ। দলঙৰ সৈতে সম্পূৰ্ণ প্ৰকল্পটোৰ দৈৰ্ঘ্য হ’ব ৩০.২০০ কিলোমিটাৰ। সমগ্ৰ প্ৰকল্পটোৰ ব্যয় হ’ব ২৪৪২ কোটি টকা। ইয়াৰে ব্ৰহ্মপুত্ৰৰ ওপৰত হ’ব লগা দলংখন নিৰ্মাণ কৰোতে ব্যয় হ’ব ১৭০১ কোটি টকা আৰু পথ নিৰ্মাণত ব্যয় হ’ব ৯২ কোটি টকা।

"এই দলংখনে দুয়োখন জিলাকে অৰ্থনৈতিক দিশটোৰ উন্নয়নত বহুত সহায় কৰিব। দলংখনে যোৰহাট আৰু টীয়কক চটাইত দুখন নগৰ হিচাপে বিভাজিত কৰিব। দলংখন হাতীশাল চাপৰিৰ পৰা আৰম্ভ হোৱা বাবে নিমাতী ঘাটৰ পৰা কমলাবাৰী ঘাটলৈ পূৰ্বৰ দৰে ফেৰীসেৱা অব্যাহত থাকিব।", বিধায়ক গোস্বামীয়ে ক’লে এইদৰে।

মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰত্যক্ষ হস্তক্ষেপত আৰম্ভ হ’বলৈ গৈছে এই দলঙৰ নিৰ্মাণকাৰ্য। কেইদিনমান পূৰ্বে যোৰহাটৰ নিমাতীঘাট আৰু কমলাবাৰী ঘাটত এই দলং নিৰ্মাণ নকৰাৰ প্ৰতিবাদত কংগ্ৰেছ দলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। কিন্তু এই প্ৰকল্পৰ নিৰ্মাণত কংগ্ৰেছকে ধৰি বিৰোধীসকলৰো সহযোগিতা বিচাৰিছে যোৰহাটৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষগৰাকীয়ে। এই দলংখনে অঞ্চলকেইটাৰ অৰ্থনৈতিক বিকাশত বহু অৰিহণা যোগাব বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে।

"এই দলংখন বিজেপি বা কংগ্ৰেছ দলৰ নহয়। এয়া হ’ল জনসাধাৰণৰ। এই দলংখনৰ জৰিয়তে অৰ্থনৈতিকভাৱে বহু লোক উপকৃত হ’ব। সেয়েহে মই এই প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ ক্ষেত্ৰত কংগ্ৰেছকে ধৰি সকলো দলকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছো।", বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে কয়।
Published by: Sanjay Kumar Das
First published: August 7, 2020, 10:44 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি