নতুন ভৱনৰ পৰা বিজেপিয়ে পৰিচালনা কৰিব ২০২১ৰ বিধানসভা নিৰ্বাচন!

News18-Assam
Updated:November 20, 2019, 12:57 PM IST
নতুন ভৱনৰ পৰা বিজেপিয়ে পৰিচালনা কৰিব ২০২১ৰ বিধানসভা নিৰ্বাচন!
NEWS18ৰ আগত সভাপতি ৰঞ্জিত দাসে কয় – ২০২১ৰ নিৰ্বাচন এই নতুন কাৰ্যালয়ৰ পৰাই পৰিচালনা কৰাৰ মন মেলিছো৷

NEWS18ৰ আগত সভাপতি ৰঞ্জিত দাসে কয় – ২০২১ৰ নিৰ্বাচন এই নতুন কাৰ্যালয়ৰ পৰাই পৰিচালনা কৰাৰ মন মেলিছো৷

  • News18 Assam
  • Last Updated: November 20, 2019, 12:57 PM IST
  • Share this:
২০২১ৰ বিধানসভা নিৰ্বাচন নতুন ভৱনৰ পৰা পৰিচালনাৰ মন ৰাজ্যিক বিজেপিৰ৷ ছয় মহলীয়া নতুন ভৱনৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ চলিত বৰ্ষৰ ১৭ ফেব্ৰুৱাৰীত ভৱনটোৰ আধাৰশিলা স্থাপন কৰিছিল ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে৷

বুধবাৰে নিৰ্মাণকাৰ্য আৰম্ভ কৰি NEWS18ৰ আগত সভাপতি ৰঞ্জিত দাসে কয় – ২০২১ৰ নিৰ্বাচন এই নতুন কাৰ্যালয়ৰ পৰাই পৰিচালনা কৰাৰ মন মেলিছো৷ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোন – অসমত হওক এটা আটক-ধুনীয়া কাৰ্যালয়৷ সেই সপোন সাৰ্থক কৰাৰ মানসেৰে আজি শুভাৰম্ভ হ’ল নিৰ্মাণকাৰ্যৰ।

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাৰ লগতে ভৱনটোৰ নিৰ্মাণকাৰ্যত উপস্থিত আছিল ত্ৰিপুৰাৰ বিধায়ক ডাঃ দিলীপ দাস৷



ত্ৰিপুৰাতো এনে ভৱন নিৰ্মাণৰ চিন্তা আমি কৰিছো৷ কিন্তু আমি অসম প্ৰদেশ বিজেপিৰ দৰে অৰ্থনৈতিকভাৱে স্বচ্ছল নহয় – ক’লে ডাঃ দিলীপ দাসে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি