মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Kaziranga Discovery Park : কাজিৰঙাত ‘ডিস্ক’ভাৰী পাৰ্ক’, নিৰ্মাণৰত এই ডিস্ক’ভাৰী পাৰ্কত কি কি থাকিব?

Kaziranga Discovery Park : কাজিৰঙাত ‘ডিস্ক’ভাৰী পাৰ্ক’, নিৰ্মাণৰত এই ডিস্ক’ভাৰী পাৰ্কত কি কি থাকিব?

News18 Assam | News18-Assam
Updated:September 14, 2021, 2:04 PM IST
Kaziranga Discovery Park : কাজিৰঙাত ‘ডিস্ক’ভাৰী পাৰ্ক’, নিৰ্মাণৰত এই ডিস্ক’ভাৰী পাৰ্কত কি কি থাকিব?
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ পিছত যিসকলে তথ্য সহকাৰে অধিক জানিব বিচাৰে সেইসকলৰ বাবে প্ৰকল্পটোৱে সহযোগিতা আগবঢ়াব৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ পিছত যিসকলে তথ্য সহকাৰে অধিক জানিব বিচাৰে সেইসকলৰ বাবে প্ৰকল্পটোৱে সহযোগিতা আগবঢ়াব৷

  • News18 Assam
  • Last Updated: September 14, 2021, 2:04 PM IST
  • Share this:
কাজিৰঙাত নিৰ্মাণৰত অৱস্থাত ‘কাজিৰঙা ডিস্ক’ভাৰী পাৰ্ক’৷ ডিজিটেল মাধ্যমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক প্ৰতিফলিত কৰাৰ এক নতুন প্ৰকল্পৰ কাম আৰম্ভ হৈছে কাজিৰঙাত৷ বন বিভাগ আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ যৌথ উদ্যোগত কাজিৰঙাৰ পাণবাৰীত নিৰ্মাণ কাৰ্য চলিছে ‘কাজিৰঙা ডিস্ক’ভাৰী পাৰ্ক’ৰ।

পাণবাৰীৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ সমীপতে নিৰ্মাণৰত প্ৰকল্পত উপলব্ধ হ’ব হাতী, কাজিৰঙাৰ বন্যপ্ৰাণী আৰু বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন বিষয়ক তিনিটা ডিজিটেল মাধ্যম৷ বিশেষভাৱে প্ৰতিবছৰে এপ্ৰিল–মে’ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ হোৱাৰ পিছত যিসকল পৰ্যটক কাজিৰঙালৈ আহে বা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ পিছত যিসকলে তথ্য সহকাৰে অধিক জানিব বিচাৰে সেইসকলৰ বাবে প্ৰকল্পটোৱে সহযোগিতা আগবঢ়াব৷

ইতিমধ্যে হাতীৰ তথ্য উপলব্ধ গৃহৰ কাম সম্পূৰ্ণ হোৱাৰ পথত৷ অসমত হাতীৰ ঐতিহ্য , মহাকাব্যত হাতীৰ উপস্থাপন, হাতীৰ বিচৰণ, ব্যৱহাৰ এই সকলোবোৰেই অন্তৰ্ভুক্ত হ’ব এই বিশেষ গৃহটিত৷ দ্বিতীয়তো গৃহত থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সবিশেষ বিৱৰণ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীৰ লগতে বান আৰু কাজিৰঙাৰ সম্পৰ্ক সবিশেষ বিৱৰণৰ তথ্য লাভ কৰিব পাৰিব পৰ্যটকে৷

আনহাতে, কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ বহু লোকৰ বাবে কৌতুহলৰ কাৰণ৷ কেন্দ্ৰটোত চিকিৎসা বা লালন পালন কৰা বন্যপানী স্বচক্ষে চোৱাৰ হেঁপাহ থাকে সকলোৰে৷ কিন্তু এই সুবিধা প্ৰদান কৰাত বাধা থাকে৷ গতিকে এইসকল লোকক চিচিটিভিৰ যোগেদি সমগ্ৰ দৃশ্য দেখুৱাব পৰাকৈ নিৰ্মাণ কৰা হ’ব তৃতীয়টো গৃহ৷ এই প্ৰকল্পটোৰ যোগেদি শিক্ষাৰ্থীসকল বিশেষভাৱে উপকৃত হ’ব বুলি প্ৰকাশ কৰিছে চি ডব্লিউ আৰ চিৰ বিষয়া ৰথিন বৰ্মনে৷ বিষয়া গৰাকীৰ মতে, অহা ডেৰ- দুই বছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব এই ডিস্ক’ভাৰী পাৰ্ক।
Published by: Sanjay Kumar Das
First published: September 14, 2021, 2:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি