যোৰহাটত নিৰ্মাণ কৰিবলৈ লোৱা হৈছে অসমৰ ভিতৰতে প্ৰথমখন অত্যাধুনিক মহিলা বজাৰ।
প্ৰায় ২৬ কোটি টকা ব্যয় সাপেক্ষে নগৰৰ দচ এণ্ড কো: পুলিচ পইন্টৰ সমীপত ইতিমধ্যে এই বজাৰৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে।
কেৱল মহিলা ব্যৱসায়ীসকলৰ বাবে আৰু মহিলাৰ দ্বাৰা পৰিচালিত হ'ব লগা এই অত্যাধুনিক কেইবামহলীয়া বজাৰ গৃহৰ বেচমেন্টত প্ৰায় ১৭০খন গাড়ী ৰখাব পৰাৰ সুবিধা থাকিব।
ডিব্ৰুগড়ৰ এ টি ডব্লিউ নামৰ কোম্পানীটোৱে এই মহিলা বজাৰখনৰ নিৰ্মাণৰ ঠিকা লাভ কৰিছে। ডেৰ বছৰৰ ভিতৰত বজাৰখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হ'ব লগা এই বজাৰখনত মহিলা উদ্যোগীসকলক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি জানিবলৈ দিয়ে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে।
" আমি এই ভৱনটোৰ নিৰ্মাণ ডেৰ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰিছোঁ। এই মাৰ্কেটখন সম্পূৰ্ণ ৰূপে মহিলাৰ বাবে হ'ব। মই সেয়েহে মহিলা উদ্যোগীসকলক ইয়ালৈ আহিবলৈ আহ্বান জনাম। অসমত কেৱল মহিলাৰ বাবে নিৰ্মাণ কৰা এনেধৰণৰ মাৰ্কেট এইখনেই প্ৰথম হ'ব।" -যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে এনেদৰে কয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|