• Home
  • »
  • News
  • »
  • assam
  • »
  • Police Infight : কৰ্তব্যৰত আৰক্ষী বিষয়াক ঘুছিয়াই নাক ভাঙিলে এজন জোৱানে, কি হৈছিল আআচলতে

Police Infight : কৰ্তব্যৰত আৰক্ষী বিষয়াক ঘুছিয়াই নাক ভাঙিলে এজন জোৱানে, কি হৈছিল আআচলতে

আক্ৰমণকাৰী সুৰাসক্ত জোৱানজনক স্থানীয় ৰাইজৰ সহযোগত লগে লগে আটক কৰে আৰক্ষীয়ে। উল্লেখ্য যে, সুৰাসক্ত মৃগেন তামুলী 11th APBNৰ জোৱান বুলি জানিব পৰা গৈছে।

  • Share this:
নুমলীগড়ত আৰক্ষী বিষয়াক প্ৰহাৰ কৰি ৰঙাঘৰৰ আলহী হ'ল এজন আৰক্ষী জোৱান। সুৰাৰ ৰাগীত মাতাল হৈ থকা আৰক্ষঈ জোৱান জনে পাহৰি গ'ল আৰক্ষীৰ মেনুৱেল, পাহৰি গ'ল পেছাদাৰী সকলো নিয়ম। অৱশেষত খঙৰ ভমকত বিষয়াজনক আক্ৰমণ কৰা জোৱানজনক গ্ৰেপ্তাৰ কৰা হয়।

বিজয়া দশমীৰ সন্ধিয়া নুমলীগড়ৰ সমীপৰ ঠেঙ্গালগাঁৱৰ প্ৰতিমা বিসৰ্জনথলীত সংঘটিত হৈছিল এই ঘটনা। কৰ্তব্যৰত এগৰাকী আৰক্ষী বিষয়াক প্ৰহাৰ কৰিছিল মৃগেন তামূলী নামৰ সুৰাসক্ত জোৱানজনে। আক্ৰমণকাৰী সুৰাসক্ত জোৱানজনক স্থানীয় ৰাইজৰ সহযোগত লগে লগে আটক কৰে আৰক্ষীয়ে। উল্লেখ্য যে, সুৰাসক্ত মৃগেন তামুলী 11th APBNৰ জোৱান বুলি জানিব পৰা গৈছে।

ইতিমধ্যে খুমটাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ছাহজাহান আলিয়ে কমাৰগাঁও আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষী জোৱান মৃগেন তামূলীক গ্ৰেপ্তাৰ কৰি আদালতলৈ প্ৰেৰণ কৰা হয়।
Published by:Manjumoni Borah
First published: