গুৱাহাটীৰ পল্টনবজাৰত বাংলাদেশী আটকৰ পিছতে পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। ৰাজ্যত ভুৱা আধাৰ কাৰ্ডেৰে বাংলাদেশীক ভাৰতীয় কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰত নামিছে একাংশ দুষ্টচক্ৰ৷ ভাৰতীয় লোকৰ নামত থকা আধাৰ কাৰ্ড জালিয়াতিৰে বাংলাদেশীৰ ফটো সংলগ্ন কৰি, সীমান্ততে যোগান ধৰে ভুৱা আধাৰ কাৰ্ড৷
তাৰ পিছত সেই ভুৱা আধাৰ কাৰ্ডেৰে বাংলাদেশী লোকক দেশৰ বিভিন্ন প্ৰান্তত সংস্থাপিত কৰে সেই চক্ৰটোৱে৷ ধিঙৰ নাজিমুদ্দিন নামৰ এজন লোকৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰি সেই চক্ৰটোৱে আব্দুল আমিন লটাৰ নামৰ বাংলাদেশীটোক যোগান ধৰিছিল আধাৰ কাৰ্ড ৷ সেই আধাৰ কাৰ্ডেৰে আব্দুল আমিন লটাৰে পল্টনবজাৰৰ এখন হোটেলত বাহৰ পাতি থকা অৱস্থাত পল্টনবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷
তাৰ পিছতে পোহৰলৈ আহে এই ভয়ংকৰ খবৰ৷ অকল ইমানেই নহয়, বাংলাদেশৰ চুমনগঞ্জ জিলাৰ বাসিন্দা আব্দুল আমিন লটাৰে ইতিমধ্য ভুৱা আধাৰ কাৰ্ড ব্যৱহাৰ কৰি দিল্লী আৰু কাশ্মীৰতো কাম কৰি অহাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে ৷ সম্প্ৰতি পল্টনবজাৰ আৰক্ষীয়ে নিজাববীয়া এক গোচৰ ৰুজু কৰি ভুৱা আধাৰ যোগান ধৰা চক্ৰটোৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|