কংগ্ৰেছৰ ভাৰত জোৰো যাত্ৰাই এমাহ সম্পূৰ্ণ কৰিলে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই যাত্ৰাক লৈ ৰাইজে বিপুল সমৰ্থন জনোৱাৰ কথা সদৰী কৰিছে।
আনহাতে শাসকীয় দল বিজেপিয়েও ভাৰত জোৰো যাত্ৰাক লৈ তিৰ্যক মন্তব্য প্ৰকাশ কৰি আহিছে। ইয়াৰ মাজতে আজি বিজেপি বিধায়ক জয়ন্ত মল্ল বৰুৱা, বিধায়ক দিগন্ত কলিতা আৰু অগপৰ প্ৰদীপ হাজৰিকাই কংগ্ৰেছৰ এমাহজোৰা যাত্ৰা সন্দৰ্ভত মত প্ৰকাশ কৰিছে।
মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়- ''ভাৰত জোৰো যাত্ৰাত কোনো ৰাষ্ট্ৰবাদী মানুহ নাই। পকেটমাৰ, চোৰ ঘূৰি আছে এই যাত্ৰাত। এই যাত্ৰা হৈছে মিঞাৰ মাজে মাজে। এয়া মিঞা জোৰো, বাংলাদেশী জোৰো যাত্ৰা। দলৰ সমন্বয়কৰে পকেট মাৰিলে। এতিয়া বাংলাদেশী মিঞাৰ ভোট সকলোৰে লক্ষ্যত আছে। কংগ্ৰেছৰ চিন্তা Aiudfৰ লগত সেই ভোট ল'ব নে অকলে ল'ব তাক লৈ।''
বিধায়ক দিগন্ত কলিতায়ো এই যাত্ৰাক লৈ আগবঢ়ালে এনে মত- ''উজনিত ক্ৰমাৎ এলাগী হৈছে কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। উজনিত মানুহ নোহোৱা হৈছে ভাৰত জোৰো যাত্ৰাত। ভাৰত জোৰো যাত্ৰাত অংশগ্ৰহণ নকৰাসকলৰ দেহটোহে কংগ্ৰেছত আছে, মন আছে বিজেপিত। মেৰুদণ্ডহীন সভাপতি ভূপেন বৰা, যাৰ বাবে মন ভাঙিছে নেতা-কৰ্মীৰ। বহুতে যোগাযোগ কৰি আছে BJPৰে। পিছে আমাৰ দলত ঠাই কম।
আনহাতে আমগুৰি সমষ্টিৰ অগপ বিধায়ক প্ৰদীপ হাজৰিকাই কয় যে কংগ্ৰেছে মানুহক মানুহ হিচাপে গণ্য নকৰাৰ ফল পাইছে। দেশৰ আটাইতকৈ পুৰণা দলটো গণবিচ্ছিন্ন হোৱাৰ আঁৰত তেওঁলোক নিজেই। ৰাইজক পাহৰিলে ৰাইজেও পাহৰিবই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|