মুখ্যপৃষ্ঠা » খবৰ

» অসম

»'দালাল বহুত আছে BJPত'– দালালৰাজক লৈ সৰৱ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে' পুৰকায়স্থ

'দালাল বহুত আছে BJPত'– দালালৰাজক লৈ সৰৱ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে' পুৰকায়স্থ

News18 Assam | News18-Assam
Updated:September 19, 2021, 5:05 PM IST
'দালাল বহুত আছে BJPত'– দালালৰাজক লৈ সৰৱ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে' পুৰকায়স্থ
BJPত দালাল কোন কোন? ব্যাখ্যা কমলাক্ষ দে' পুৰকায়স্থৰ

BJPত দালাল কোন কোন? ব্যাখ্যা কমলাক্ষ দে' পুৰকায়স্থৰ

  • News18 Assam
  • Last Updated: September 19, 2021, 5:05 PM IST
  • Share this:

BJPৰ বিৰুদ্ধে দেওবাৰে সৰৱ হৈ উঠিল প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে' পুৰকায়স্থ ৷ কমলাক্ষৰ দাবী– 'BJPত বহুত দালাল আছে আৰু এজন দালালে BJPত যোগদান কৰাৰ পিছত এতিয়া দালালজনক টিকটো দিব BJPয়ে ৷'


'এতিয়া সকলো মন্ত্ৰীৰ মন্ত্ৰী মুখ্যমন্ত্ৰী ৷ স্বাস্থ্যমন্ত্ৰীও মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীও মুখ্যমন্ত্ৰী' -এই দাবী প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে' পুৰকায়স্থৰ ৷


দেওবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গ'ল প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে' পুৰকায়স্থক ৷ ইয়াৰ পিছতে কমলাক্ষই আৰম্ভ কৰিলে দালালৰাজৰ আখ্যান । কমলাক্ষই ক'লে- “BJPত বহুত দালাল আছে ৷”



দালালৰাজৰ কথা কৈ এইবাৰ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে' পুৰকায়স্থই AIUDF ত্যাগ কৰি BJPত যোগ দিয়া বিধায়কজনৰ নাম উল্লেখ নকৰাকৈ ক'লে- “BJPত দালাল বহুত ৷ এজন দালালে BJPত যোগ দিলে ৷ BJPত যোগ দিয়া দালালক টিকটো দিব BJPয়ে ৷”


দালাল বিধায়কজনক মহাজোঁটে কিয় টিকট দিছিল? সাংবাদিকে কমলাক্ষক প্ৰশ্ন কৰিলে ৷ উত্তৰত কমলাক্ষৰ অকপট স্বীকাৰোক্তি- “দালালক টিকট দিয়াটো আমাৰ ভুল আছিল ৷”


ইপিনে AIUDFয়ে BJPক সহায় কৰি আছে আৰু মুখ্যমন্ত্ৰীয়ে আজমলক আগৰ ব্যৱসায় কৰাত সহায় কৰা বুলিও দাবী কৰে কমলাক্ষ দে' পুৰকায়স্থই ৷

Published by: Gautam Barman
First published: September 19, 2021, 5:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি