உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কংগ্ৰেছৰ ভৱিষ্যত সন্দৰ্ভত মন্তব্য নকৰিবলৈ অখিল গগৈক সকীয়াই দিলে কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে

    কংগ্ৰেছৰ ভৱিষ্যত সন্দৰ্ভত মন্তব্য নকৰিবলৈ অখিল গগৈক সকীয়াই দিলে কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে

    মিত্ৰতা নহয় যেন তিক্ততাহে আৰম্ভ কংগ্ৰেছ - ৰাইজৰ দলৰ মাজত

    মিত্ৰতা নহয় যেন তিক্ততাহে আৰম্ভ কংগ্ৰেছ - ৰাইজৰ দলৰ মাজত

    মিত্ৰতা নহয় যেন তিক্ততাহে আৰম্ভ কংগ্ৰেছ - ৰাইজৰ দলৰ মাজত

    • Share this:
    অসম প্ৰদেশ কংগ্ৰেছ বনাম অখিল গগৈ!  এইবাৰ কংগ্ৰেছৰ সৈতে সংঘাত ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈৰ। মিত্ৰতা নহয় যেন তিক্ততাহে আৰম্ভ দুয়োটা দলৰ মাজত। আগন্তুক উপ-নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত কংগ্ৰেছৰ সৈতে মিত্ৰতা সম্পৰ্কত আলোচনা চলি থকাৰ মাজতে সংঘাত বৃদ্ধি পাইছে কংগ্ৰেছ আৰু অখিল গগৈৰ মাজত। দুয়োটা দলৰ নেতৃত্বৰ মিত্ৰতা সম্পৰ্কত আলোচনা চলি থকাৰ মাজতে অখিল গগৈয়ে কংগ্ৰেছৰ ভবিষ্যত সম্পৰ্কত সংবাদ মাধ্যমত কৰিছিল বিতৰ্কিত মন্তব্য। তাকেলৈ ক্ষোভিত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব।

    প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত কাৰ্য্যকৰি সভাপতি বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ স্পষ্ট মত, অখিল গগৈয়ে কংগ্ৰেছৰ আভ্যন্তৰীণ বিষয়ত মূৰ ঘমাব নালাগে। দুদিন পূৰ্বে জন্ম হোৱা নাবালক ৰাইজৰ দলে কংগ্ৰেছক কি নীতি শিক্ষা দিব বুলি প্ৰশ্ন কৰে জাকিৰ হুছেইন শিকদাৰে। সিমানতে ক্ষান্ত নাথাকি কাৰ্য্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে কয় যে, 'কংগ্ৰেছ দলক নালাগে অখিল গগৈৰ উপদেশ। কংগ্ৰেছ দলে কি পথেৰে আগবাঢ়িব লাগিব সেয়া অখিল গগৈৰ পৰা জানিবলগীয়া নাই বুলিও কয় কাৰ্য্যকৰr সভাপতি গৰাকীয়ে।উপ নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত অখিল গগৈ আৰু কংগ্ৰেছৰ নেতাৰ এই বাকযুদ্ধ ই বিশেষ চৰ্চিত হৈছে ৰাজ্যৰ ৰাজনীতিত।
    Published by:Himangshu Bhuyan
    First published: