দুলু আহমেদৰ নিলম্বন প্ৰত্যাহাৰৰ দাবীত ৰাজীৱ ভৱনত প্ৰতিবাদী কাৰ্যসূচী দলীয় কৰ্মীৰ

News18 Assam | News18-Assam
Updated:August 17, 2020, 12:24 PM IST
দুলু আহমেদৰ নিলম্বন প্ৰত্যাহাৰৰ দাবীত ৰাজীৱ ভৱনত প্ৰতিবাদী কাৰ্যসূচী দলীয় কৰ্মীৰ
বিগত ১৩ মাহ পূৰ্বে দল বিৰোধী কাৰ্যকলাপ দেখুৱাই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ পৰা নিলম্বন কৰিছিল দুলু আহমেদক।

বিগত ১৩ মাহ পূৰ্বে দল বিৰোধী কাৰ্যকলাপ দেখুৱাই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ পৰা নিলম্বন কৰিছিল দুলু আহমেদক।

  • Share this:
সমাগত ২০২১ চনৰ বিধানসভা নিৰ্বাচন। কোৰোণা ভাইৰাছৰ মাজতে শাসক–বিৰোধী দল তৎপৰ হৈছে নিৰ্বাচনৰ বাবে। তাৰ মাজতে সোমবাৰে হাজোৰ কংগ্ৰেছ কৰ্মীয়ে তেওঁলোকৰ নেতা দুলু আহমেদৰ নিলম্বন প্ৰত্যাহাৰৰ দাবীত গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে।

উল্লেখযোগ্য যে বিগত ১৩ মাহ পূৰ্বে দল বিৰোধী কাৰ্যকলাপ দেখুৱাই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ পৰা নিলম্বন কৰিছিল দুলু আহমেদক। পিছলৈ দুলু আহমেদে তেওঁৰ বিৰুদ্ধে থকা নিলম্বন প্ৰত্যাহাৰ হ’ব বুলি ভাবিছিল যদিও এইপৰ্যন্ত প্ৰত্যাহাৰ ২০ আগষ্টৰ পিছত দল ত্যাগৰ হুংকাৰ দিছিল। সেয়ে হাজোৰ কংগ্ৰেছ কৰ্মীসকলে তেওঁলোকৰ নেতাগৰাকী কংগ্ৰেছতে থাকিবলৈ হেঁচা প্ৰয়োগ কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে থকা নিলম্বন প্ৰত্যাহাৰ কৰিবলৈ দলীয় নেতৃত্বক দাবী জনাই এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। ইয়াৰ পিছত দলে বা দুলু আহমেদে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষনীয় হ’ব।
Published by: Sanjay Kumar Das
First published: August 17, 2020, 12:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading