‘এআইইউডিএফ আৰু আন মিত্ৰ দলৰ কৰ্মীসকলক বৰ ককাইৰ দৰে আঁকোৱালি ল’লেহে বিজেপিক প্ৰতিহত কৰিব পাৰিম’

বৃহস্পতিবাৰে বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত দলংঘাট আৰু বটদ্ৰৱা ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত জাজৰিৰ শিমলুতলত অনুষ্ঠিত হয় কংগ্ৰেছৰ এখন কৰ্মী সভা।
বৃহস্পতিবাৰে বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত দলংঘাট আৰু বটদ্ৰৱা ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত জাজৰিৰ শিমলুতলত অনুষ্ঠিত হয় কংগ্ৰেছৰ এখন কৰ্মী সভা।
- News18 Assam
- Last Updated: January 22, 2021, 10:27 AM IST
দলংঘাট আৰু বটদ্ৰৱা ব্লক কংগ্ৰেছ কমিটীৰ অন্তৰ্গত সকলো মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়াৰ উপস্থিতিত আয়োজিত সভাখনত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকজনে দলৰ কৰ্মীসকলক সম্বোধি কয় যে, মহাজোঁট বন্ধনৰ পিছত এতিয়া আমি এআইইউডিএফ আৰু আন আন মিত্ৰ দলৰ কৰ্মীসকলক বৰ ককাইৰ দৰে আঁকোৱালি ল’লেহে বিজেপিক প্ৰতিহত কৰিব পাৰিম৷
এই সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক অনিৰুদ্ধ সিঙৰ লগতে নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন শৰ্মা, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা শিবামণি বৰা, প্ৰাক্তন মন্ত্ৰী গৌতম বৰাসহ কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীসকল উপস্থিত থাকে।