সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ছবিত চেণ্ডেলৰ মালা পিন্ধালে খোদ কংগ্ৰেছ কৰ্মীয়ে

News18 Assam | News18-Assam
Updated:January 18, 2021, 5:30 PM IST
সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ছবিত চেণ্ডেলৰ মালা পিন্ধালে খোদ কংগ্ৰেছ কৰ্মীয়ে
নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ দলৰ তৃণমূল কৰ্মী৷

নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ দলৰ তৃণমূল কৰ্মী৷

  • Share this:
সমাগত ২০২১ ৰ বিধানসভা নিৰ্বাচন৷ সকলো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ৷ যি সময়ত সকলো ৰাজনৈতিক দলে আগন্তুক নৰ্ববাচনৰ বাবে সাজুু হৈছে, তাৰ মাজতে জাগীৰোডত কংগ্ৰেছ দলৰ মাজত আৰম্ভ হৈছে বিসম্বাদ!

নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ দলৰ তৃণমূল কৰ্মী৷ কৰ্মীসকলৰ মাজত প্ৰদ্যুৎ বৰদলৈয়ে বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত হৈছে৷

আনহাতে, সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিৰ এজেণ্ট হিচাপে কাম কৰাৰ অভিযোগ তুলিছে খোদ কংগ্ৰেছ কৰ্মীয়ে৷ সেয়ে মাৰ্ঘেৰিটাৰ পৰা খেদা খোৱাৰ দৰে নগাঁও-মৰিগাঁও আৰু জাগীৰোডৰ পৰাও খেদাৰ হুংকাৰ দিছে মণ্ডল কংগ্ৰেছৰ একাংশ সভাপতিয়ে৷

ইফালে, ২০২১ৰ বিধানসভা নিৰ্বাচনৰ টিকট প্ৰদানৰ নামত প্ৰদ্যুৎ বৰদলৈয়ে বেপাৰ কৰাৰ অভিযোগ কৰ্মীসকলৰ৷ সদ্য বিজেপি ত্যাগী কংগ্ৰেছ নেতা স্বপন মণ্ডলক জাগীৰোড সমষ্টিত টিকট দিবলৈ উঠিপৰি লাগিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে৷

আনহাতে, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাকো কটাক্ষ কৰিছে কংগ্ৰেছ কৰ্মীয়ে৷ সাসদ প্ৰদ্যুৎ বৰদলৈৰ কথা মতে নানাচিবলৈ সভাপতি ৰিপুণ বৰাক আহ্বান জনোৱাৰ লগতে অন্যথা সভাপতি পদ ত্যাগ কৰিবলৈ ৰিপুণ বৰাক দাবী জনায় মণ্ডল কংগ্ৰেছ তৃণমূলৰ কৰ্মকৰ্তা সকলে৷

উল্লেখযোগ্য যে জাগীৰোড সমষ্টিৰ ২৭টা মণ্ডল কমিটীৰ ভিতৰত ২৪টা মণ্ডল কমিটীৰ সভাপতিয়ে সমৰ্থন কৰাৰ পিছতো কেবল প্ৰদ্যুৎ বৰদলৈৰ একনায়কত্ববাদৰ বাবে ব্লক কংগ্ৰেছৰ সভাপতিক অব্যাহতি দিয়াক কেন্দ্ৰ কৰি জাঙুৰ খাই উঠিছে কংগ্ৰেছৰ তৃণমূল কৰ্মী৷ সেয়ে কংগ্ৰেছ কৰ্মীসকলে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ছবিত চেণ্ডেলৰ মালা পিন্ধাই উটুৱাই দিয়ে কপিলী নৈত৷

যি সময়ত সকলো ৰাজনৈতিক দলে ৰণকৌশল প্ৰস্তুত কৰি আগন্তুক নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে, তেনে সময়তে  বিধানসভা নিৰ্বাচনৰ পূৰ্বে জাগীৰোডত কংগ্ৰেছ দলৰ মাজত সৃষ্টি হোৱা এই বিসম্বাদে দলটোক যথেষ্ট ক্ষতি কৰিব বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে৷
Published by: Sanjay Kumar Das
First published: January 18, 2021, 5:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি