কংগ্ৰেছে লোকসভা নিৰ্বাচনত এইবাৰ আঠখন আসন দখল কৰিব বুলি দাবী কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ বঙাইগাঁও জিলাত প্ৰৱেশ কৰিলে কংগ্ৰেছৰ ভাৰত জোৰো যাত্ৰা।
সমগ্ৰ দেশতে চলি থকা কংগ্ৰেছৰ ভাৰত জোৰো যাত্ৰাই অসমত ধুবুৰীৰ পৰা শদিয়ালৈকে ৮৫৫ কিলোমিটাৰ স্পৰ্শ কৰিব এই যাত্ৰাই। আজি বঙাইগাঁও জিলাৰ বইটামাৰী নিত্য বজাৰত অনুষ্ঠিত এই সমদলত প্ৰায় সহস্ৰাধিক কংগ্ৰেছৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।
উক্ত ভাৰত জোৰো যাত্ৰাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সংগ দিয়ে অভয়াপুৰী দক্ষিণ বিধান সভা সমষ্টিৰ বিধায়ক প্ৰদীপ কুমাৰ সৰকাৰ আৰু অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ বিধায়ক আব্দুল বাটেন খণ্ডকাৰ আৰু বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক।
বিজেপি আৰু এ আই ইউ ডিফৰ মাজত গোপন বুজাবুজি আছে, যাৰ বাবেই বিজেপিয়ে এ আই ইউ ডিফক ধুবুৰী লোকসভাকে ধৰি ২ খন আসন এৰি দিছে বুলি ভূপেন বৰাই অভিযোগ উত্থাপন কৰাৰ লগতে এইবাৰ লোকসভা নিৰ্বাচনত ৮খন আসন কংগ্ৰেছে দখল কৰিব বুলিও কংগ্ৰেছৰ সভাপতিগৰাকীয়ে দাবী কৰে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|