• Home
  • »
  • News
  • »
  • assam
  • »
  • Bhupen Bora|APCC : ২০২৬ত আমি চৰকাৰ গঠন কৰিম বুলি ভাবিছোঁ: ভূপেন বৰা

Bhupen Bora|APCC : ২০২৬ত আমি চৰকাৰ গঠন কৰিম বুলি ভাবিছোঁ: ভূপেন বৰা

BJP নেতৃত্বাধীন মহাজোঁটৰ শক্তি দোপে দোপে বাঢ়ি যোৱা আৰু প্ৰধান বিৰোধী কংগ্ৰেছৰ ব্যাপক খহনীয়াৰ মাজতে বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰিলে এটা অংক ৷

  • Share this:
২০২৬চনত চৰকাৰ গঠন কৰাৰ কথা ভাবিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (APCC President Bhupen Kumar Bora)ই ৷ অৱশ্যে '২৬ৰ আগতেও গঠন হ'ব পাৰে কংগ্ৰেছৰ চৰকাৰ ৷ এই দাবী ভূপেন বৰাই কৰাৰ সময়ত কংগ্ৰেছৰ কোনো বিধায়ক BJPলৈ নাযায় বুলি দাবী কৰে বিধায়িকা শিৱামণি বৰাই ৷

সংখ্যা কমি কমি আছে গৈ ২৪ ৷ এয়াই অসম বিধানসভাৰ (Assam Assembly) মজিয়াত কংগ্ৰেছৰ সংখ্যা ৷ বিৰোধী কংগ্ৰেছৰ শক্তি ৷ ইয়াৰ মাজতে আছে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত গাড্ডাৰি কৰা সকলো ৷ যদি গাড্ডাৰি কৰা সকলক হাইকামাণ্ডে চিনাক্ত কৰি শাস্তিমূলক ব্যৱস্থা লয় বা দলৰ পৰা নিলম্বন কৰে; তেন্তে ইয়াৰ সংখ্যা কিমান তললৈ নামিব, তাক নিশ্চয় আপুনি বুজিছে ৷

BJP নেতৃত্বাধীন মহাজোঁটৰ শক্তি দোপে দোপে বাঢ়ি যোৱা আৰু প্ৰধান বিৰোধী কংগ্ৰেছ (Congress)ৰ ব্যাপক খহনীয়াৰ মাজতে বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰিলে এটা অংক ৷ এই অংক মতে অসমত চৰকাৰ গঠন কৰিব কংগ্ৰেছে ৷ ২০২৬ত অসমত চৰকাৰ গঠন কৰাৰ কথা হেনো তেওঁ ভাবিছে ৷ ভূপেন বৰাৰ মতে '২৬ৰ আগতেও হৈ যাব পাৰে কংগ্ৰেছৰ চৰকাৰ ৷

২০২৬ত চৰকাৰ গঠনৰ সপোন দেখি ভূপেন বৰাই ক'লে- “কংগ্ৰেছৰ লগত সকলো ভাল ৷ আমাৰ লগত  ভাল লুৰীন, অখিল, CPI, CPI-Mৰ ৷”

ইপিনে BJP আৰু AIUDFয়ে কংগ্ৰেছৰ বিধায়কসকলে দুয়োটা দলত যোগ দিব বুলি দাবী কৰি অহাৰ বিষয়ত শিৱামণি বৰাই দিলে সমিধান ৷ শিৱামণিৰ মতে— কংগ্ৰেছ এৰি কোনো নাযায় ৷ শেহতীয়া ইচ্ছ্যুবোৰক তল পেলাবলৈকে BJPয়ে কংগ্ৰেছৰ বিধায়কৰ কথাবোৰ উলিয়ায় বুলি দাবী কৰে শিৱামণি বৰাই ৷

পিছে দিছপুৰৰ ৰাজনীতিৰ বতাহ কোন ফালে বলি আছে; তাক ৰাইজে দেখিছে আৰু বুজি আহিছে ৷
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি