মুখ্যপৃষ্ঠা » খবৰ

» অসম

»'ডিভোৰ্চ হোৱা ঘৈণীৰ সৈতে আকৌ প্ৰেম হ'লেও ঘৰলৈ আনিব নালাগে'- বিজেপিলৈ ঘূৰি নাযায় প্ৰাক্তন সাংসদ আৰ পি শৰ্মা

'ডিভোৰ্চ হোৱা ঘৈণীৰ সৈতে আকৌ প্ৰেম হ'লেও ঘৰলৈ আনিব নালাগে'- বিজেপিলৈ ঘূৰি নাযায় প্ৰাক্তন সাংসদ আৰ পি শৰ্মা

News18 Assam | News18-Assam
Updated:August 20, 2021, 12:49 PM IST
'ডিভোৰ্চ হোৱা ঘৈণীৰ সৈতে আকৌ প্ৰেম হ'লেও ঘৰলৈ আনিব নালাগে'- বিজেপিলৈ ঘূৰি নাযায় প্ৰাক্তন সাংসদ আৰ পি শৰ্মা
২০২৬ত ৰাজ্যত কংগ্ৰেছ চৰকাৰ হোৱাৰ গেৰাণ্টী আৰ পি শৰ্মাৰ, হিমন্ত বিশ্ব শৰ্মাৰ ১০০ দিনীয়া চৰকাৰক ৩ নিম্বৰ দিলে প্ৰাক্তন সাংসদগৰাকীয়ে।

২০২৬ত ৰাজ্যত কংগ্ৰেছ চৰকাৰ হোৱাৰ গেৰাণ্টী আৰ পি শৰ্মাৰ, হিমন্ত বিশ্ব শৰ্মাৰ ১০০ দিনীয়া চৰকাৰক ৩ নিম্বৰ দিলে প্ৰাক্তন সাংসদগৰাকীয়ে।

  • Share this:
আকৌ এবাৰ মুখ খুলিছে বিজেপিৰ প্ৰাক্তন সংসাদ তথা বৰ্তমানৰ কংগ্ৰেছ নেতা আৰ পি শৰ্মাই। কংগ্ৰেছৰ একাংশ নেতাৰ দলত্যাগ, দলটোৰ চলি থকা বিপৰ্যয়ৰ মাজতে আৰ পি শৰ্মাই ২০২৬ত কংগ্ৰেছৰ চৰকাৰ হোৱাৰ গেৰাণ্টী দিয়ে। আৰ পি শৰ্মাই উপ নিৰ্বাচনৰ সন্দৰ্ভত কয় য়ে, 'মহাজোঁটত aiudf থাকিব নালাগে। BTR ত কংগ্ৰেছে অকলে সংগঠন কৰিব লাগে। BTR ত কংগ্ৰেছদলৰ বহু কৰ্মী আছে। সকলোৱে বিচাৰে কংগ্ৰেছে অকলে সংগঠন কৰাটো। কংগ্ৰেছৰ পৰা কোনো ডাঙৰ মানুহ যোৱা নাই। লাখ লাখ কৰ্মীৰ পৰা মাত্ৰ ৩, ৪ জন গৈছে। এনেও পুৰণি কাপোৰ সলনি কৰি থাকিব লাগে।'

পুনৰ বিজেপিলৈ ঘূৰি নাযায় আৰ পি শৰ্মাঃ

পুনৰ বিজেপিলৈ ঘূৰি নাযায় আৰ পি শৰ্মা। কংগ্ৰেছ দল শক্তিশালী কৰাতহে গুৰুত্ব দিব বুলি জনাই প্ৰাক্তন সাংসদগৰাকীয়ে। সাংবাদিকে বিজেপিত পুনৰ যোগদান কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত আৰ পি শৰ্মাই কয় যে, ''এবাৰ এৰি দিয়া বস্তু আৰু divorce দিয়া ঘৈণীৰ লগত পুনৰ প্ৰেম হ'লেও ঘৰলৈ আনিব নালাগে।"

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া ১ লাখ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ পৰা চুৰি কৰা বুলি মন্তব্য কৰে আৰ পি শৰ্মাই। চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ পৰা চুৰি কৰাৰ বাবে ১০০ দিনীয়া চৰকাৰক ৩ নম্বৰ দিয়ে প্ৰাক্তন সাংসদগৰাকীয়ে। আনহাতে কংগ্ৰেছে নিৰ্বাচনৰ সময়ত দিয়া ৫টা গেৰাণ্টীক চুৰি কৰিলে বিজেপি চৰকাৰখনত ৮ৰ পৰা ৯ নম্বৰ দিব বুলিও কটাক্ষ কৰে আৰ পি শৰ্মাই।
Published by: Himangshu Bhuyan
First published: August 20, 2021, 12:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি