உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৬ সমষ্টিৰ উপ নিৰ্বাচনত অকলে অৱতীৰ্ণ হ'ব কংগ্ৰেছ! কাক বিজেপিৰ B Team আখ্যা দিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে?

    ৬ সমষ্টিৰ উপ নিৰ্বাচনত অকলে অৱতীৰ্ণ হ'ব কংগ্ৰেছ! কাক বিজেপিৰ B Team আখ্যা দিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে?

    বৰাকত বাহৰ পাতি থকা APCCৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰুকায়স্থই আসন্ন ছয় সমষ্টিৰ উপ নিৰ্বাচনত কংগ্ৰেছে অকলে প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু বুলি সদৰি কৰে News18ক ৷

    বৰাকত বাহৰ পাতি থকা APCCৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰুকায়স্থই আসন্ন ছয় সমষ্টিৰ উপ নিৰ্বাচনত কংগ্ৰেছে অকলে প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু বুলি সদৰি কৰে News18ক ৷

    বৰাকত বাহৰ পাতি থকা APCCৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰুকায়স্থই আসন্ন ছয় সমষ্টিৰ উপ নিৰ্বাচনত কংগ্ৰেছে অকলে প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু বুলি সদৰি কৰে News18ক ৷

    • Share this:
    ভংগপ্ৰায় বিৰোধীৰ মহাজোঁট ৷ মহাজোঁটৰ পৰা AIUDFক খেদাৰ পিছতে অস্তিত্বহীন মহাজোঁট ৷ এনে সময়ত কি হ'ব উপ নিৰ্বাচনত মহাজোঁটৰ ভূমিকা?

    এই বিষয়কলৈ ৰাজ্যৰ ৰাজনীতিত ইতিমধ্যে ব্যাপক চৰ্চা চলিছে ৷ ইয়াৰ মাজতে সোমবাৰে নতুন দিল্লীত AICCৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কমিটীৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙে উপ নিৰ্বাচনত কংগ্ৰেছে অকলে খেলাৰ ইংগিত দিলে ৷

    জীতেন্দ্ৰ সিঙৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাইয়ো আগন্তুক পৌৰনিগম আৰু পঞ্চায়ত নিৰ্বাচনত কোনো দলৰ সৈতে মিত্ৰতা নকৰাকৈ প্ৰতিদ্বন্দিতা কৰিব বুলি নতুন দিল্লীত সদৰি কৰে ৷ লগতে আগন্তুক উপ নিৰ্বাচনতো কংগ্ৰেছে অকলে প্ৰতিদ্বন্দিতা কৰাৰ বাবে হাইকামাণ্ডৰ সৈতে আলোচনা চলি আছে বুলি সদৰি কৰে ৷

    ইপিনে বৰাকত বাহৰ পাতি থকা APCCৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰুকায়স্থই আসন্ন ছয় সমষ্টিৰ উপ নিৰ্বাচনত কংগ্ৰেছে অকলে প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু বুলি সদৰি কৰে News18ক ৷

    একেদৰে কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে BJP বিৰোধী দলৰ সৈতে একেলগে কাম কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে ৷ অৱশ্যে BJPৰ B টীমৰ পৰা আঁতৰি থাকিব লাগিব বুলি জনাই সাংসদ বৰদলৈয়ে ৷

    ইতিমধ্যে মহাজোঁটৰ পৰা AIUDFক কংগ্ৰেছে আঁতৰাই পঠিওৱা সন্দৰ্ভত সোমবাৰে দিছপুৰত মুখ খোলে AIUDFৰ মূৰব্বী বদৰুদ্দিন আজমলে ৷ আজমলৰ দাবী- “মিত্ৰতা ভংগৰ পিছত ভালে থাকক কংগ্ৰেছ ৷ বিগ বাৰ্ডাৰ এতিয়া বেছি বিগ হৈ গ'ল ৷ উপ নিৰ্বাচনত আমি দুটা সমষ্টিত প্ৰাৰ্থীত্ব দিম ৷”

    অখিল গগৈৰ সন্দৰ্ভতো সোমবাৰে মুখ খুলি বদৰুদ্দিন আজমলে ক'লে- “ৰাইজৰ দল এটা MLAৰ দল ৷ অখিলৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈছে ৷”

    বিৰোধীৰ মাজত এনেদৰে খোৱা কামোৰা লাগি থকাৰ সময়তে শাসকীয় BJPৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই সোমবাৰে সাংবাদিকৰে হোৱা বাৰ্তালাপত ক'লে- “উপ নিৰ্বাচনত ছয়টা সমষ্টিয়েই দখল কৰিব মিত্ৰজোঁটে ৷ বিৰোধী একত্ৰিত হৈয়ো একো কৰিব নোৱাৰিব ৷ এইক্ষেত্ৰত আমি নিশ্চিত ৷”
    Published by:Himangshu Bhuyan
    First published: