২০২১ত কংগ্ৰেছীয়েও ভোট দিব বিজেপিক, ক’লে হিমন্ত বিশ্ব শৰ্মাই

News18 Assam | News18-Assam
Updated:March 3, 2020, 1:05 PM IST
২০২১ত কংগ্ৰেছীয়েও ভোট দিব বিজেপিক, ক’লে হিমন্ত বিশ্ব শৰ্মাই
ফাইল ফটো

"বেনাৰত অজন্তা নেওগৰ লগত বদৰুদ্দিন আজমলৰ ফটোখন দেখিলে খোদ অজন্তা বাইদেৱে নিজৰ ভোটটো বিজেপিকে দি দিব৷"

  • Share this:
বিধানসভাত কংগ্ৰেছ-AIUDFৰ মিত্ৰতা হ'লে বদৰুদ্দিন আজমলে প্ৰচাৰ চলাব কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ৷ বদৰুদ্দিন আজমলে প্ৰচাৰ চলালে কংগ্ৰেছ প্ৰাৰ্থীয়ে হেৰুৱাব নিজৰ ঘৰৰে ভোট৷ প্ৰাৰ্থীৰ পৰিয়ালে বদনামৰ ভাৰ নলয়৷ সেয়ে প্ৰাৰ্থীৰ পিতৃ-মাতৃয়েও ভোট দিব বিজেপিকে৷ এই মন্তব্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷

অকল ইমানেই নহয়, মন্ত্ৰীগৰাকীয়ে দিলে উদাহৰণ। "বেনাৰত অজন্তা নেওগৰ লগত বদৰুদ্দিন আজমলৰ ফটোখন দেখিলে খোদ অজন্তা বাইদেৱে নিজৰ ভোটটো বিজেপিকে দি দিব৷" – ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইটোৰ পিছত সিটো উদাহৰণ দাঙি ধৰি মন্ত্ৰী গৰাকীয়ে লগতে ক'লে – ‘‘AIUDFক ভোট দিলে কি হ'ব! যিদৰে ব্ৰিটিছ আমোলত ভাৰতীয় লোকে দাৰোগা চাকৰি কৰিছিল, সেই পৰিয়ালবোৰে এতিয়াও লাঞ্চনা ভুগি আছে৷ AIUDFক ভোট দিয়া সকলেও সাত পুৰুষলৈকে বদনাম লৈ থাকিব লাগিব৷"

ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে কংগ্ৰেছ–AIUDF–এ সন্মিলিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি চলা চৰ্চাক লৈও মন্তব্য দিলে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ CAA বিৰোধী প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে বিৰোধী দল দুটাই৷ হিমন্ত বিশ্বই ক’লে – "যিসকল জ্যোতিষ্ক বুদ্ধিজীৱীৰ ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে নাম চৰ্চাত আছে, সেইসকলে সঁচাকৈয়ে যদি জাতিক ভাল পাই AIUDFৰ সমৰ্থন নলয়৷"
Published by: Sanjay Kumar Das
First published: March 3, 2020, 1:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading