• Home
  • »
  • News
  • »
  • assam
  • »
  • Bhupen Borah on Buffalo Cart : 'টেক্সী গাড়ী' লৈ নহয় 'ম'হৰ গাড়ী'ত উঠি দুৰ্গা পূজা চালে ভূপেন বৰাই

Bhupen Borah on Buffalo Cart : 'টেক্সী গাড়ী' লৈ নহয় 'ম'হৰ গাড়ী'ত উঠি দুৰ্গা পূজা চালে ভূপেন বৰাই

ম'হৰ গাড়ীত উঠি ভূপেন বৰা

ম'হৰ গাড়ীত উঠি ভূপেন বৰা

গোসাঁইগাঁৱত এইবাৰ ম'হৰ গাড়ীত উঠি দূৰ্গা পূজা চালে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন কুমাৰ বৰা আৰু উপ দলপতি ৰকিবুল হুছেইনে। বিজেপি চৰকাৰৰ সুমতি বিচাৰি প্ৰাৰ্থনা।

  • Share this:
"এইবাৰ দ্ৰব্য বস্তুৰ জুই চাই দাম, সেইবাবে এইবাৰ দুৰ্গা পূজা ম'হৰ গাড়ীত উঠি চাম। দুৰ্গা পূজা আমি এৰিব নোৱাৰোঁ আৰু পেট্ৰ'ল-ডিজেলৰ পইচা আমি ভৰিব নোৱাৰোঁ।" ম'হৰ গাড়ীত উঠি গোসাঁইগাঁৱত দুৰ্গা পূজা চাই এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ।

শাৰদীয় দুৰ্গা পূজাৰ বতৰত নিত্য ব্যৱহাৰ্য দ্ৰব্য-সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে যাত্ৰা কৰি ভূপেন বৰাই কয়, "অকল বিজেপিৰ যিসকল নেতা, যিসকল পৃথিৱীৰ নহয় স্বৰ্গৰ পৰা নামি আহিছে। দেৱতা, তেওঁলোকে হেলিকপ্টাৰত যাব পাৰিব। তেওঁলোকে আগে-পিছে গাড়ীৰ কনভয় বনাই ছাইৰেণ বজাই যাব পাৰিব। কিন্তু বিজেপিয়ে আমাক কৈছে সাংবাদিকে খোজ কাঢ়ি খবৰ সংগ্ৰহ কৰিব লাগে। বাকী মানুহবোৰে মটৰ চাইকেলত তিনিজন যাব লাগে নহ'লে চাইকেল লৈ ঘূৰিব লাগে।"

ভূপেন বৰাই আকৌ কয় যে ৰাইজে এশ টকা লিটাৰত পেট্ৰ'ল ভৰাবলৈ গৈ চকুৰে সৰিয়হৰ ফুল দেখিছে, পূজাৰ আনন্দ লোৱাৰ সলনি ৰাইজে ত্ৰাহি মধুসূদন সোৱৰিছে। সেই কাৰণে মা দুৰ্গাক আমি প্ৰাৰ্থনা জনাইছোঁ যাতে মা দূৰ্গাই তেখেতসকলক অলপ সুমতি দিয়ে। তেখেত সকলৰ ভৰি এতিয়া মাটিত নাই, তেখেতসকলে এতিয়া ওপৰত উৰি ফুৰিছে। কাৰণ ক্ষমতাই মূৰত ধৰিছে। গতিকে এই ৰজাঘৰীয়া সকলক মা দুৰ্গাই অলপ সুমতি দিয়ক বুলি আজি আমি ম'হৰ গাড়ীত উঠি মন্দিৰে মন্দিৰে প্ৰাৰ্থনা জনাইছোঁ বুলি কটাক্ষ কৰে ভূপেন বৰাই।

উল্লেখ্য যে শাৰদীয় দুৰ্গা পূজাৰ বতৰত মূল্য বৃদ্ধিৰ বিৰুদ্ধে আজি গোসাঁইগাঁৱত ম'হৰ গাড়ীত যাত্ৰা কৰি গোসাঁইগাঁও মহকুমাৰ দুৰ্গা মন্দিৰ পৰিদৰ্শন কৰে কংগ্ৰেছ নেতাসকলে। নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ জুই চাই দামৰ প্ৰতিবাদত কংগ্ৰেছে এনেদৰে ম'হৰ গাড়ীত যাত্ৰা কৰে। ভূপেন কুমাৰ বৰা আৰু উপ দলপতি ৰকিবুল হুছেইনৰ লগতে কংগ্রেছ দলৰ মনোনীত প্ৰাৰ্থী জুৱেল টুডু আৰু কেইবাগৰাকী বিধায়ক-দলীয় কৰ্মী এই প্ৰতিবাদত অংশ লয়। গোঁসাইগাঁও শ্মশান মন্দিৰৰ পৰা ম'হৰ গাড়ীৰে যাত্রা কৰি গোঁসাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ দুৰ্গা মণ্ডপত দুৰ্গতি নাশিনীৰ চৰণত সেৱা জনায় কংগ্ৰেছৰ নেতা সকলে।
Published by:Manjumoni Borah
First published: