ৰাজ্যসভাৰ নিৰ্বাচনত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই প্ৰতিদ্বন্দ্বিতা নকৰে।
ৰাজ্যসভাৰ নিৰ্বাচনত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই প্ৰতিদ্বন্দ্বিতা নকৰে।
আজি নগাঁৱৰ অনুৰাগ ধাবাত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মনজিৎ মহন্তই এক সংবাদমেলৰ আয়োজন কৰি শাসকীয় বিজেপি দলক তীব্ৰ সমালোচনা কৰে। ৰাজ্যসভা নিৰ্বাচন সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে মন্তব্য কৰা অনুসৰি হৰ্ছ ট্ৰেডিং নহ'লে এইবাৰ ৰাজ্যসভা (Rajyasabha)ৰ এখন আসনত কংগ্ৰেছ (Congress)ৰ জয় নিশ্চিত। আনহাতে ৰাজ্যসভা নিৰ্বাচন (Rajyasabha Election)ত জয়ী হ'বলৈ কংগ্ৰেছএ অখিল গগৈ (Akhil GOgoi) আৰু বদৰুদ্দিন আজমল (Badaruddin Ajmal)ৰ সহায় বিচাৰিব বুলিও জনায় মনজিৎ মহন্তই।
মহন্তই সংবাদ মাধ্যমক অৱগত অনুসৰি ৰাজ্যসভাৰ নিৰ্বাচনত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (Bhupen Bora)ই প্ৰতিদ্বন্দ্বিতা নকৰে। ইয়াৰ বিপৰীতে পৱন সিং ঘাটোৱাৰ, ৰাণা গোস্বামী, দ্বিজেন শৰ্মা, ৰিপুণ বৰা অথবা ৰাণী নৰহৰ মাজৰ পৰা কোনো এগৰাকী জ্যেষ্ঠ নেতাক দলে প্ৰক্ষেপ কৰিব বুলিও সংবাদমেলত মন্তব্য কৰে মহন্তই।
কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে লগতে কেন্দ্ৰীয় চৰকাৰৰ বাজেট (Union Budget 2022-23)ক ফ্লপ বাজেট বুলিও অভিহিত কৰে। কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে লগতে এইবাৰৰ বাজেটক পুঁজিপতিৰ বাজেট বুলি অভিহিত কৰি কয় সৰ্বসাধাৰণৰ বাবে এই বাজেটত কোনো গুৰুত্ব প্ৰদান কৰা নহ'ল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|