உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ভোটগ্ৰহণৰ অন্ত, বুথ কৰ্মীৰ পৰা পোৱা তথ্যৰ ভিত্তিত কংগ্ৰেছে ক'লে কেইখন আসনত জয়ী হ'ব

    ভোটগ্ৰহণৰ অন্ত, বুথ কৰ্মীৰ পৰা পোৱা তথ্যৰ ভিত্তিত কংগ্ৰেছে ক'লে কেইখন আসনত জয়ী হ'ব

    বিধায়ক জয়ন্ত মল্ল বৰুৱাই পদত্যাগ কৰিব লাগিবঃ পাৰ্থপ্ৰতিম বৰা

    বিধায়ক জয়ন্ত মল্ল বৰুৱাই পদত্যাগ কৰিব লাগিবঃ পাৰ্থপ্ৰতিম বৰা

    বিধায়ক জয়ন্ত মল্ল বৰুৱাই পদত্যাগ কৰিব লাগিবঃ পাৰ্থপ্ৰতিম বৰা

    • Share this:

    অসম বিধানসভাৰ পাঁচটা সমষ্টিৰ উপ–নিৰ্বাচনৰ ভোটগ্ৰহণৰ অন্ত পৰিল। ভোটদান অন্ত পৰাৰ পিছতে শিবিৰে শিবিৰে আৰম্ভ হৈছে হিচাপ–নিকাচ। বিৰোধী দল কংগ্ৰেছৰ বুথ কৰ্মীৰ তথ্যৰ ভিত্তিত কংগ্ৰেছে পাঁচটা সমষ্টিৰ ভিতৰত দুখন আসনত বিজয়ী হ'ব বুলি দাবী কৰিছে।


    দলীয় কৰ্মীৰ ৰিপ'ৰ্টৰ ভিত্তিত এই দাবী কৰিছে কংগ্ৰেছে। অৱশ্যে কোন দুটা সমষ্টিত জয়ী হ'ব সেই তথ্য ৰাজহুৱা কৰা নাই প্ৰদেশ কংগ্ৰেছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক তথা মুখপাত্ৰ পাৰ্থ প্ৰতিম বৰাই এক প্ৰেছ বিজ্ঞপ্তিত এই কথা জানিবলৈ দিয়ে।


    সম্পাদকগৰাকীয়ে জনোৱা মতে, কংগ্ৰেছে অসমৰ অন্যান্য তিনিখন আসনতো তীব্ৰ যুঁজ দিছে। কংগ্ৰেছে জনোৱা মতে, নিৰ্বাচনী প্ৰচাৰৰ সময়ত কংগ্ৰেছে এখনো আসন নাপাই আৰু পালে বিধায়ক পদৰ পৰা পদত্যাগ কৰিম বুলি কৈছিল নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই। সেয়ে কংগ্ৰেছে আসন পাব আৰু জয়ন্ত মল্ল বৰুৱাই পদত্যাগ কৰিব লাগিব বুলি কয় পাৰ্থপ্ৰতিম বৰাই।

    Published by:Gautam Barman
    First published: