জাতীয় কংগ্ৰেছে সমগ্ৰ দেশতে আৰম্ভ কৰিবলৈ ওলাইছে এক যাত্ৰা। ৰাজনৈতিক দলটোৰ বিবৃতি অনুসৰি ''বিজেপি চৰকাৰে দেশজুৰি বিয়পোৱা ঘৃণা আৰু হিংসাৰ বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছে ৰাজস্থানৰ উদয়পুৰত মে’ মাহৰ মধ্যভাগত অনুষ্ঠিত নৱসংকল্প শিবিৰৰ সিদ্ধান্তমর্মে'' এই যাত্ৰা উলিয়াব।
কংগ্ৰেছে এই যাত্ৰাৰ নাম দিছে “ঐক্যবদ্ধ ভাৰত যাত্রা'' ( 'Bharat Jodo' yatra)। আজি অসম প্ৰদেশৰ অধ্যক্ষ মনজিত মহন্তই এক বিবৃতিযোগে উল্লেখ কৰা অনুসৰি দেশজুৰি আৰম্ভ হ'বলগীয়া এই কাৰ্যসূচীৰ অসমৰ সকলো দিশ পৰিচালনা কৰিবলৈ অসম প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই (APCC president Bhupen Kumer Bora) প্রদেশ কংগ্ৰেছৰ প্রাক্তন সভাপতি তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী পৱন সিং ঘাটোৱাৰক ৰাজ্যিক সমন্বয়ক হিচাপে নিযুক্ত কৰিছে।
ঘাটোৱাৰক এই দিশত সহযোগিতা কৰিবলৈ বিধায়ক আব্দুল বটিন খণ্ডকাৰ, প্রদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূর্ব কুমাৰ ভট্টাচার্য, বিচাৰ বিভাগৰ অধ্যক্ষ কুশল কুমাৰ শৰ্মা, অনুসূচিত জনজাতি বিভাগৰ অধ্যক্ষ অপূর্ব পাটৰ আৰু প্রদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গোলাপ শইকীয়াক লৈ এটা গোট গঠন কৰি দিয়া হৈছে।
অসম প্রদেশ কংগ্রেছৰ প্ৰেছ বিজ্ঞপ্তিত প্রকাশ কৰা মতে, অভূতপূর্ব মূল্যবৃদ্ধি, ভয়ংকৰ নিবনুৱা সমস্যা আৰু সম্পদ বিক্রীকে ধৰি বিজেপি চৰকাৰৰ কেইবাটাও জনবিৰোধী নীতিৰ প্ৰতিবাদত ইতিমধ্যে কংগ্ৰেছ দলে দেশজুৰি ‘জনজাগৰণ অভিযান’কার্যসূচী অব্যাহত ৰাখিছে আৰু স্বাধীনতাৰ ৭৫ সংখ্যক বছৰ পূৰণ উপলক্ষে কংগ্ৰেছে গ্রহণ কৰা বছৰজোৰা কাৰ্যসূচীৰ সমাপ্তিৰ লগত সংগতি ৰাখি অহা ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ৭৫ কিলোমিটাৰ পথ পদযাত্ৰা কৰাৰো যি সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছিল। এই সকলো কাৰ্যসূচী ঐক্যবদ্ধ ভাৰত যাত্ৰাৰ অধীনত সামৰি ল'ব।