ইফালে থ্ৰি লাইন হুইপ দিলে ৰহাৰ নিলম্বিত বিধায়ক শশীকান্ত দাসেও কংগ্ৰেছক ভোট দিবলৈ বাধ্য হ'ব বুলি কয় শ্বেৰমান আলী আহমেদে।
ইফালে থ্ৰি লাইন হুইপ দিলে ৰহাৰ নিলম্বিত বিধায়ক শশীকান্ত দাসেও কংগ্ৰেছক ভোট দিবলৈ বাধ্য হ'ব বুলি কয় শ্বেৰমান আলী আহমেদে।
বাঘবৰ সমষ্টিৰ কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদ। বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে আগন্তুক ৰাজ্যসভা নিৰ্বাচন সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত লয়।
"বিৰোধীৰ সৰ্বসন্মত প্ৰাৰ্থী হিচাপে কংগ্ৰেছৰ টিকট ৰিপুণ বৰাই পালে মই ৰিপুণ বৰাক ভোট দিম"-News18 ৰ সন্মুখত এই মন্তব্য কৰিলে শ্বেৰমান আলী আহমেদে। কেৱল ভোট দিয়াই নহয় মই ৰিপুণ বৰাৰ এগৰাকী অন্যতম প্ৰস্তাৱক হবলৈ সাজু হৈছো বুলিও মন্তব্য কৰে বাঘবৰৰ বিতৰ্কিত বিধায়কগৰাকীয়ে। ৰিপুণ বৰাক এগৰাকী দক্ষ নেতা বুলি অভিহিত কৰে শ্বেৰমান আলীয়ে।
ইফালে থ্ৰি লাইন হুইপ দিলে ৰহাৰ নিলম্বিত বিধায়ক শশীকান্ত দাসেও কংগ্ৰেছক ভোট দিবলৈ বাধ্য হ'ব বুলি কয় শ্বেৰমান আলী আহমেদে। বাঘবৰৰ বিধায়কগৰাকীৰ মতে ভোট নিদিলে বিধায়ক পদ খাৰিজ হ'ব শশীকান্ত দাসৰ। বিৰোধী দল এআইইউডিএফৰ ১৫ বিধায়কৰ কোনেও বিশ্বাসঘাটক নকৰে বুলি কোৱা শ্বেৰমান আলী আহমেদৰ অৱশ্যে সন্দেহ আছে জাতীয় কংগ্ৰেছৰ দুই এজন বিধায়কৰ ওপৰতহে। বিধায়ক অখিল গগৈ আৰু মনোৰঞ্জন তালুকদাৰৰ ওপৰত সম্পূৰ্ণ ৰূপে আস্থা আছে শ্বেৰমান আলী আহমেদৰ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|