• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰহাৰ ফুলগুৰিত ঐতিহাসিক ফুলগুৰি ধেৱা উদযাপন কৰি কংগ্ৰেছৰ হুংকাৰ- অসমত অসমীয়া ভাষা এলাগী হ'ব নোৱাৰে।

ৰহাৰ ফুলগুৰিত ঐতিহাসিক ফুলগুৰি ধেৱা উদযাপন কৰি কংগ্ৰেছৰ হুংকাৰ- অসমত অসমীয়া ভাষা এলাগী হ'ব নোৱাৰে।

বৰাকৰ অসমীয়া ভাষা মচি পেলোৱা ঘটনাৰ বিষয়ত চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা উচিত, অসমত অসমীয়া ভাষা কেতিয়াও এলাগী হব নোৱাৰে: কংগ্ৰেছ

বৰাকৰ অসমীয়া ভাষা মচি পেলোৱা ঘটনাৰ বিষয়ত চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা উচিত, অসমত অসমীয়া ভাষা কেতিয়াও এলাগী হব নোৱাৰে: কংগ্ৰেছ

বৰাকৰ অসমীয়া ভাষা মচি পেলোৱা ঘটনাৰ বিষয়ত চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা উচিত, অসমত অসমীয়া ভাষা কেতিয়াও এলাগী হব নোৱাৰে: কংগ্ৰেছ

  • Share this:
ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতি আৰু প্ৰদেশ কংগ্ৰেছৰ যুটীয়া উদ্যোগত ৰহাৰ ফুলগুৰিত সোমবাৰে বিস্তৃত কাৰ্যসূচীৰে ঐতিহাসিক ফুলগুৰি ধেৱা উদযাপন কৰা হয়। ১৮৬১ চনৰ ১৮ অক্টোবৰত বৃটিছৰ অন্যায় কৰ নীতিৰ বিৰুদ্ধে ৰহাৰ ফুলগুৰিত সংঘটিত হৈছিল ভাৰতৰ প্ৰথম কৃষক বিদ্ৰোহ। যি পিছলৈ ফুলগুৰি ধেৱা হিচাপে খ্যাত হৈ পৰে।

ইংৰাজৰ শোষণ নিস্পেষণ তথা অন্যায় কৰনীতিৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ গৈ বৃহত্তৰ ৰহা অঞ্চলৰ একুৰিতকৈও অধিক লোকে বৃটিছৰ গুলীত প্ৰাণ হেৰুওৱাব লগীয়া হৈছিল। শ শ লোক পংগু হোৱাৰ লগতে বহু লোকক নিৰ্বাসন দিয়া হৈছিল। ভাৰতৰ এই প্ৰথম কৃষক বিদ্ৰোহত প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ স্মৃতিত প্ৰতি বছৰে ফুলগুৰিত ফুলগুৰি ধেৱা উদযাপন কৰা হৈ আহিছে। এইবাৰ প্ৰদেশ কংগ্ৰেছ আৰু ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতিৰ যৌথ উদ্যোগত অনুষ্ঠিত হয় ১৬০ সংখ্যক ফুলগুৰি ধেৱা।

অনুষ্ঠানত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বি কে হৰিপ্ৰসাদ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, কংগ্ৰেছ নেতা দেবব্ৰত শইকীয়া বিধায়ক নুৰুল হুদা, শিবামনি বৰা প্ৰমুখ্যে কেইবাগৰাকীও কংগ্ৰেছী নেতা সকল উপস্থিত থাকে।  ৰহাৰ বিধায়ক শশী দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত ভাষণ দি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা কয়  যে কংগ্ৰেছে কাতি বিহুৰ দিনাই বীৰৰ পূজা কৰিছে। ফুলগুৰি ধেৱাই আজিও ৰাষ্ট্ৰৰ বুকুত স্বীকৃতি নাপালে বুলিও তেওঁ আক্ষেপ কৰে। বিজেপি চৰকাৰক সমালোচনা কৰি ভূপেন বৰাই চৰকাৰৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে ঐতিহাসিক ফুলগুৰি ধেৱা দিৱসৰ পৰাই প্ৰতিজ্ঞাৱদ্ধ হ'বলৈ সকলোকে  আহ্বান জনায়।

সভাৰ পূৰ্বে ফুলগুৰি ধেৱা স্মৃতি স্তম্ভত বন্তি প্ৰজ্বলন কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বি কে হৰিপ্ৰসাদে আৰু ফুলগুৰি ধেৱা স্মৃতি ফলক উন্মোচন কৰে প্ৰদ্যুৎ বৰদলৈয়ে। অনুষ্ঠানত ফুলগুৰি ধেৱাৰ শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জনোৱা হয়।

ইফালে বৰাকৰ শিলচৰত ফলকত অসমীয়া আখৰ মচি পেলোৱা ঘটনাৰ সম্পৰ্কত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে  সাংবাদিকৰ আগত কয়, "ঘটনাটো  দুৰ্ভাগ্যজনক ৷ আমি প্ৰত্যেকেই প্ৰত্যেকৰ  ভাষা-সংস্কৃতিক সন্মান কৰিব লাগিব আৰু সহাৱস্থানৰ নীতি গ্ৰহণ কৰিব লাগিব আৰু শান্তি-সম্প্ৰীতি বিনষ্ট হ’ব পৰা ঘটনাৰ বিষয়ত চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা উচিত।"

ইপিনে বৰাকত অসমীয়া ভাষা মচি পেলোৱা সম্পৰ্কত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই নিজৰ মন্তব্য প্ৰকাশ কৰি কয়, "এইয়া নিকৃষ্ট মানসিকতাৰ মানুহৰ কাম। অসমত অসমীয়া ভাষা কেতিয়াও এলাগী হব নোৱাৰে।"
Published by:Manjumoni Borah
First published: