உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • 'দুভাগ ৰাতি ৰাজপথৰ ট্ৰেফিক হ'বলৈ গৈ নিজৰ পদমৰ্যদা হানি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই'- কিয় এনেদৰে ক'লে সাংসদ ৰিপুণ বৰাই?

    'দুভাগ ৰাতি ৰাজপথৰ ট্ৰেফিক হ'বলৈ গৈ নিজৰ পদমৰ্যদা হানি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই'- কিয় এনেদৰে ক'লে সাংসদ ৰিপুণ বৰাই?

    চৰকাৰৰ ব্যৰ্থতা ঢাকিবলৈকে মুখ্যমন্ত্ৰীয়ে এনেদৰে আবোল তাবোল বকিবলৈ আৰম্ভ কৰিছে বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে।

    চৰকাৰৰ ব্যৰ্থতা ঢাকিবলৈকে মুখ্যমন্ত্ৰীয়ে এনেদৰে আবোল তাবোল বকিবলৈ আৰম্ভ কৰিছে বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে।

    চৰকাৰৰ ব্যৰ্থতা ঢাকিবলৈকে মুখ্যমন্ত্ৰীয়ে এনেদৰে আবোল তাবোল বকিবলৈ আৰম্ভ কৰিছে বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে।

    • Share this:
    অসমৰ মুখ্যমন্ত্ৰীয়ে দোভাগ ৰাতি ৰাজপথত ট্ৰেফিক হ'বলৈ গৈ চকীৰ পদমৰ্যদা হানি কৰিছে। এই অভিযোগ উত্থাপন কৰি সাংসদ ৰিপুণ বৰাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক সকলো দিশতে ব্যৰ্থ বুলি কয়। চৰকাৰৰ ব্যৰ্থতা ঢাকিবলৈকে মুখ্যমন্ত্ৰীয়ে এনেদৰে আবোল তাবোল বকিবলৈ আৰম্ভ কৰিছে বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে।

    ৰিপুণ বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি কয় যে,  'হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ সকলো দিশতে ব্যৰ্থ। বেলেগৰ পিঠাৰে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে বিহু পাতিছে। নতুন বছৰত আনৰ সফলতাৰ খতিয়ান দাঙি ধৰিলে কিন্তু ৰাজ্যখনৰ ভয়াৱহ হত্যা, হিংসা , মৃত্যুৰ কথা নক'লে।'

    ৰিপুণ বৰাৰ মতে, মুখ্যমন্ত্ৰীয়ে সদায়েই অন্য কথা কৈ নিজৰ ব্যৰ্থতা ঢাকিবলৈ অপচেষ্টা চলাই আহিছে। মুখ্যমন্ত্ৰীৰ কোনো মন্ত্ৰী, বিষয়া, আৰক্ষীৰ কামৰ ওপৰত বিশ্বাস নাই। সেই বাবেই মুখ্যমন্ত্ৰীয়ে দোভাগ নিশা ট্ৰেফিক পুলিচৰ ভূমিকা পালন কৰিছে। আৰু এই কাম কৰি মুখ্যমন্ত্ৰীৰ পদমৰ্যদা হানি কৰিছে বুলিও অভিযোগ কৰে ৰিপুণ বৰাই।

    ৰিপুণ বৰাই প্ৰধানমন্ত্ৰীকো আক্ৰমণৰ লক্ষ্য কৰি কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক গেলাতে টেঙা দিছে। মোদী চৰকাৰে দেশৰ জনতাক নতুন বছৰতে মাধমাৰ দিছে। GST৫ শতাংশ বৃদ্ধি কৰি দেশৰ জনসাধাৰণক পুনৰবাৰ ৰাম টাঙোন সোধালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
    Published by:Himangshu Bhuyan
    First published: