AIUDF থাকিলে আমি কংগ্ৰেছৰ লগত নাথাকো: অখিল গগৈ
AIUDF থাকিলে আমি কংগ্ৰেছৰ লগত নাথাকো: অখিল গগৈ
যিকোনো মুহূৰ্তত কংগ্ৰেছ আৰু AIUDF ৰ মিত্ৰতা ভংগ হ'ব পাৰে। মহাজোঁটৰ পৰা AIUDF আঁতৰিবলৈ বাধ্য হ'ব নেকি ? এনেবোৰ প্ৰশ্নই এতিয়া উত্থাপিত হৈছে অসমৰ ৰাজনীতিত। তাৰ মাজতে আগন্তুক অসম বিধান সভাৰ উপ-নিৰ্বাচন, ২০২৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০২৬ চনৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি কংগ্ৰেছলৈ মিত্ৰতাৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।
এই সম্পৰ্কত ৰাইজৰ দলৰ নেতৃত্বই ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নেতৃত্বক সাক্ষাৎ কৰাৰ পিছত দেওবাৰে সন্ধিয়া কংগ্ৰেছৰ দুগৰাকী নৱ নিযুক্ত কাৰ্য্যকৰী সভাপতি ৰাণা গোস্বামী আৰু জাকিৰ হুছেইন শিকদাৰে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়লৈ গৈ আঞ্চলিক দলটোৰ নেতৃত্বক সাক্ষাৎ কৰে।
কেৱল সাক্ষাতেই নহয় ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত অখিল গগৈৰ সৈতে প্ৰায় ৪০ মিনিট সময় বৈঠকত বহিল কংগ্ৰেছৰ দুগৰাকী কাৰ্য্যকৰী সভাপতিয়ে। বৈঠকত ৰাইজৰ দলৰ তৰফৰ পৰা ভাস্কো ডি শইকীয়া, মহম্মদ ছাহজাহান, কমল কুমাৰ মেধি উপস্থিত আছিল। বৈঠকত অখিল গগৈয়ে পুনৰবাৰ নিজৰ স্থিতি স্পষ্ট কৰি কয় যে, এআইইউডিএফ থাকিলে তেওঁলোকে কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|