உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Nazira Congress Protest: বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে নাজিৰাত কংগ্ৰেছৰ প্ৰবল প্ৰতিবাদ, ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ

    Nazira Congress Protest: বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে নাজিৰাত কংগ্ৰেছৰ প্ৰবল প্ৰতিবাদ, ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ

    প্ৰতিবাদকাৰীসকলে "অগ্নিপথ আঁচনি প্ৰত্যাহাৰ কৰাৰ বাবেও শ্লোগান দিয়ে।

    প্ৰতিবাদকাৰীসকলে "অগ্নিপথ আঁচনি প্ৰত্যাহাৰ কৰাৰ বাবেও শ্লোগান দিয়ে।

    প্ৰতিবাদকাৰীসকলে "অগ্নিপথ আঁচনি প্ৰত্যাহাৰ কৰাৰ বাবেও শ্লোগান দিয়ে।

    • Share this:
    ভাৰতীয় জাতীয় কংগ্ৰেছৰ যুৱ নেতা সাংসদ ৰাহুল গান্ধীৰ ওপৰত বিজেপি নেতৃত্বাধীন চৰকাৰে প্ৰতিশোধপৰায়ণমূলক ৰাজনীতি কৰাৰ অভিযোগ তুলি বিজেপি চৰকাৰৰ বিৰুদ্ধে আজি নাজিৰা মহকুমা প্ৰশাসনৰ কাৰ্যালয়ৰ সন্মুখত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Congress Protest in Nazira)।

    নাজিৰা ব্লক কংগ্ৰেছৰ (Nazira Congress) উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সদস্য লক্ষ্মীনাথ সন্দিকৈ, শিৱসাগৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহমান, মৃদুল বৰগোহাঁই, ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব বৰুৱা, হেমন্ত  শইকীয়া, যোচেফ সিং , দিগন্ত সন্দিকৈ,  মদন ৰয় , জ্যেষ্ঠ নেতা সভাৰাম গগৈ আদিকে ধৰি সমষ্টিৰ অন্তৰ্গত মহিলা, যুৱ এন এছ ইউ আইৰ শতাধিক কৰ্মীয়ে  বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

    প্ৰতিবাদকাৰীসকলে "অগ্নিপথ আঁচনি প্ৰত্যাহাৰ কৰক, বিজেপি নেতৃত্বাধীন চৰকাৰৰ বৈষম্যমূলক নীতি বন্ধ কৰক, গণতন্ত্ৰ হত্যা বন্ধ কৰক, সাহস আছে যদি বিজেপি দলৰ ভ্ৰষ্টাচাৰী নেতাক গ্ৰেপ্তাৰ কৰক, বিৰোধী নেতাৰ ওপৰত অত্যাচাৰ বন্ধ কৰক" আদি বিভিন্ন প্ৰতিবাদী শ্লোগানৰ প্লেকাৰ্ড লৈ বৰ্তমান চৰকাৰৰ নীতিৰ বিৰোধিতা কৰে।

    শেষত বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰতিশোধপৰায়ণ ৰাজনীতি বন্ধ কৰা আৰু বিৰোধী নেতাৰ ওপৰত কৰা অত্যাচাৰ, যুৱ নেতা ৰাহুল গান্ধীৰ (Rahul Gandhi) ওপৰত জাপি দিয়া ভুৱা গোচৰ প্ৰত্যাহাৰৰ দাবী জনাই অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে নাজিৰা ব্লক কংগ্ৰেছৰ তৰফৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতিলৈ নাজিৰা মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
    Published by:Gautam Barman
    First published: