"বিজেপিয়ে উন্নয়ন নকৰি অকল ধৰ্মীয় মেৰুকৰণ কৰি দেশ চলোৱা নীতি অৱলম্বন কৰিছে৷" এই মন্তব্য সাংসদ ৰিপুণ বৰাৰ। অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি গোসাইগাঁও মহকুমাৰ শ্ৰীৰামপুৰত কংগ্ৰেছৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ণ কৰা হয়।
শ্ৰীৰামপুৰস্থিত হাতীধুৰা ব্লক কংগ্ৰেছ কাৰ্যালয়ত আয়োজিত ধৰ্মঘট কাৰ্যসুচীত বিৰোধী উপ–দলপতি ৰকিবুল হুছেইন, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰিপুণ বৰা, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৱাজেদ আলী চৌধুৰীসহ কেবাগৰাকী বিধায়ক, নেতা-কৰ্মী উপস্থিত থাকে।
সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই কয় যে বিজেপিৰ নেতাৰ উন্নয়নক মূল ইছ্যু বুলি কয়। কিন্তু বিজেপিৰ মূল ইছ্যুৰ দুটা ফাল, ৰাইজক দেখুৱাবৰ বাবে উন্নয়ন বুলি কয় আৰু ভিতৰ ফালটো হৈছে সাম্প্ৰদায়িকতা।
বৰাই ল'কডাউনৰ সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এয়া বিজেপি চৰকাৰৰ গভীৰ ষড়যন্ত্ৰ। বিজেপি চৰকাৰে লকডাউনৰ দোহাই দি বিৰোধী দলবোৰক ঘৰৰ ভিতৰত সোমাই দি একপক্ষীয়ভাৱে নিজৰ দলৰ কাম কৰি যাব।
ৰকিবুল হুছেইনে কয় যে সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈও প্ৰশাসনে অনুমতি দিয়া নাই। তেওঁ লগতে ''বিৰোধীক ভোট দিয়াতকৈ পইতা ভাত খাই ঘৰত শুই থকা ভাল'' বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ বিৰুদ্ধে কয় যে ইমান তৰল মন্তব্য দিয়া মুখ্যমন্ত্ৰী পূৰ্বতে কাহানিও দেখা নাই ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|