কংগ্ৰেছৰ প্ৰতিবাদত আৰক্ষীৰ বাধা! চৰকাৰৰ গঠনৰ দুমাহৰ ভিতৰত বাধা দিয়া আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ ৰকিবুল হুছেইনৰ

News18 Assam | News18-Assam
Updated:February 21, 2021, 5:50 PM IST
কংগ্ৰেছৰ প্ৰতিবাদত আৰক্ষীৰ বাধা! চৰকাৰৰ গঠনৰ দুমাহৰ ভিতৰত বাধা দিয়া আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ ৰকিবুল হুছেইনৰ
আৰক্ষীৰ বাধা নেওচি মূৰত গেছ চিলিণ্ডাৰ লৈ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ প্ৰতিবাদ।

আৰক্ষীৰ বাধা নেওচি মূৰত গেছ চিলিণ্ডাৰ লৈ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ প্ৰতিবাদ।

  • Share this:
আৰক্ষীৰ বাধা নেওচি মূৰত গেছ চিলিণ্ডাৰ লৈ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ প্ৰতিবাদ। ইফালে স্বভাৱ সুলভ ভাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰে একালৰ সতীৰ্থ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে।  মন্ত্ৰী হিমন্তক কটাক্ষ কৰি ৰকিবুল হুছেইনে কয় যে, 'বতৰৰ আগজাননী বুজি পাই আধা ৰাস্তাৰ পৰাই পলাই পত্ৰং দিলে হিমন্ত বিশ্বই।

ইফালে প্ৰতিবাদত আৰক্ষীয়ে বাধা দিয়াৰ পিছতে ক্ষোভিত হৈ পৰে মন্ত্ৰীগৰাকী। ইফালে চৰকাৰ গঠনৰ দুমাহৰ পিছতে বাধা প্ৰদান কৰা আৰক্ষীক চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনাই দিয়ে ৰকিবুল হুছেইনে।

একালৰ সতীৰ্থ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কঠোৰ সমালোচনা কৰে ৰকিবুল হুছেইনে। সমগ্ৰ ৰাজ্যৰ লগতে হোজাইৰ ডবকাতো প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে মুৰত গেছ চিলিণ্ডাৰ লৈ  মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। ৰকিবুলৰ নেতৃত্বত সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়েও  হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিবেশ।

প্ৰাক্তন মন্ত্ৰীগৰাকীক লগত সংগ দিয়ে ৰূপহীৰ বিধায়ক নুৰুল হুদা, প্ৰাক্তন বিধায়ক স্বপন কৰ ,কংগ্ৰেছৰ সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক ৰেহান উদ্দিন আৰু বিন্নাকান্দি ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল হান্ননে ৷
Published by: Himangshu Bhuyan
First published: February 21, 2021, 5:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি