ৰঙিয়াত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, কেইবা শতাধিক কংগ্ৰেছ কৰ্মীৰ চাইকেল ৰেলী

প্ৰতিবাদকাৰীসকলে চাইকেলেৰে সমগ্ৰ ৰঙিয়াত ৰেলী কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰীসকলে চাইকেলেৰে সমগ্ৰ ৰঙিয়াত ৰেলী কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
- News18 Assam
- Last Updated: January 22, 2021, 5:11 PM IST
প্ৰতিবাদকাৰীসকলে চাইকেলেৰে সমগ্ৰ ৰঙিয়াত ৰেলী কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদী ৰেলীৰ আৰম্ভণি ৰঙিয়াৰ কংগ্ৰেছ ভৱনৰ পৰা হয়। প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতাই কয় যে বিজেপি চৰকাৰে ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষাত ব্যৰ্থ হৈছে। বিজেপিয়ে চৰকাৰ কৰাৰ পিছত ৰাইজে আশা কৰিছিল যে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে অন্যান্য বস্তুৰ মূল্যবৃদ্ধি ৰোধ হ’ব। কিন্তু বাস্তৱক্ষেত্ৰত ইয়াৰ সম্পূৰ্ণ ওলোটা ছবিহে দেখা গৈছে।
আনহাতে, সম্পূৰ্ণ জনবিৰোধী আইন কিছুমান ভাৰতৰ লগতে অসমৰ ৰাইজৰ ওপৰত চৰকাৰখনে জাপি দিয়াৰ ফলত ৰাইজে কষ্ট ভোগ কৰি থাকিব লগীয়া হৈছে বুলি অভিযোগ কংগ্ৰেছৰ।