• Home
  • »
  • News
  • »
  • assam
  • »
  • হোজাইত আৰক্ষী অধীক্ষকৰ কাৰ্য‍ালয় ঘেৰাও কৰি কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

হোজাইত আৰক্ষী অধীক্ষকৰ কাৰ্য‍ালয় ঘেৰাও কৰি কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

আৰক্ষীয়ে প্ৰতিবাদীসকলক আটক কৰি শংকৰদেৱ নগৰ আৰক্ষী চকীলৈ লৈ যায়।

আৰক্ষীয়ে প্ৰতিবাদীসকলক আটক কৰি শংকৰদেৱ নগৰ আৰক্ষী চকীলৈ লৈ যায়।

আৰক্ষীয়ে প্ৰতিবাদীসকলক আটক কৰি শংকৰদেৱ নগৰ আৰক্ষী চকীলৈ লৈ যায়।

  • Share this:
হোজাই জিলা কংগ্ৰেছৰ উদ্যোগত  সোমবাৰে SI কেলেংকাৰীৰ CBI তদন্তৰ দাবীত আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে। জোৰাপুখুৰীৰ পৰা সমদল কৰি অহা দুই সহস্ৰাধিক কংগ্ৰেছ কৰ্মীক আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ প্ৰৱেশ গেটত বেৰিকেড লগাই বাধা দিয়াৰ পিছতে প্ৰতিবাদীয়ে পৰিস্থিতি উত্তাল কৰি তোলে।

অৱশেষত প্ৰতিবাদীয়ে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি SI কেলেংকাৰীৰ CBI তদন্ত কৰক, মুখ্যমন্ত্ৰী পদত্যাগ কৰক আদি বিভিন্ন ধৰণৰ শ্লোগানেৰে পৰিস্থিতি উত্তাল কৰি তোলাত আৰক্ষীয়ে প্ৰতিবাদীসকলক আটক কৰি শংকৰদেৱ নগৰ আৰক্ষী চকীলৈ লৈ যায়।
Published by:Sanjay Kumar Das
First published: